Cancer:প্ৰতি বছৰে হেজাৰ হেজাৰ মানুহ কৰ্কট ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰি আছে। সেইদৰে কর্কটত আক্রান্ত লোকৰ সংখ্যাও উদ্বেগজনকভারে বৃদ্ধি পাই আছে। শৰীৰৰ নানা অংগ-প্রত্যংগৰ বিভিন্ন কৰ্কটৰ ভিতৰত অন্যতম হৈছে হাঁওফাঁওৰ কর্কট।
মানুহে অতি সহজে নিজৰে কেতবোৰ বদ্অভ্যাসৰ বা অস্বাস্থ্যকৰ অভ্যাসৰ কাৰণে হাঁওফাঁওৰ কৰ্কটত আক্রান্ত হৈ আছে। হাঁওফাঁওৰ কৰ্কটৰ আশংকা বৃদ্ধি কৰা কাৰণসমূহো আমি জনা উচিত।
⇨ ধূমপানৰ ফলত যে কৰ্কটৰ আশংকা বৃদ্ধি পায়, সেই কথা আমি সকলোবে জানো। কিন্তু সমস্যা হৈছে এই প্রক্রিয়া অতি মন্থৰ গতিৰে আগবাঢ়ি যায়। সেই বাবেই ধূমপানৰ অভ্যাসে যে লোকজনক মৃত্যুৰ মুখলৈ টানি নি আছে, সেই কথা ধূম্রপায়ীজনে উপলব্ধিয়ে কৰিব নোৱাৰে।
⇨ পৰোক্ষ ধূমপানো হাঁওফাঁওৰ কৰ্কটৰ অন্যতম কাৰণ। আপোনাৰ বন্ধু বা সংগীজন যদি ধূম্রপায়ী, তেন্তে তেওঁৰ কাষত থকাৰ ফলতে পৰোক্ষধূমপানে আপোনাৰ হাঁওফাঁওৰ ক্ষতি ধূম্রপায়ীজনৰ সমানেই কৰে। অর্থাৎ যিসকলে ধূমপান কৰা মানুহৰ কাষত থাকে আৰু ধোঁৱাৰ সংস্পৰ্শলৈ আহে, তেওঁলোকৰো হাঁওফাঁওৰ কৰ্কট আক্রান্ত হোৱাৰ আশংকা সমান।
⇨ যাৰ পৰিয়ালত কর্কটত আক্রান্ত ৰোগী আছে বা আছিল (বিশেষকৈ হাঁওফাঁওৰ কৰ্কট), তেওঁলোক কর্কটত আক্রান্ত হোৱাৰ আশংকা যথেষ্ট। সেয়ে পৰিয়ালত কোনো লোক কর্কটত আক্রান্ত হ’লে, সময় ব্যয় নকৰি পৰিয়ালৰ সকলোৱে এবাৰ পৰীক্ষা কৰাই লোৱা উচিত।
⇨ এছবেষ্টাছ, আৰ্চেনিক, নিকেল, ক্র’মিয়াম বা এই জাতীয় মৌলসমূহৰ সংস্পৰ্শলৈ মাত্রাধিকভারে আহিলে, হাঁওফাঁওৰ কৰ্কটত আক্ৰান্তৰ আশংকা বহুখিনি বৃদ্ধি পায়। যিসকলে কল-কাৰখানাত কাম কৰে, তেওঁলোকৰ ক্ষেত্ৰত কৰ্কটত আক্রান্ত হোৱাৰ আশংকা বহু বেছি।
⇨ বেডন এনে এবিধ কেমিকেল উপাদান, যি মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলে ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে। মাটিৰ তলত, য’ত বেছি পোহৰ-বতাহ আদি সোমাব নোৱাৰে, যেনে খনিৰ তলৰ অংশ আদিত ৰেডন উৎপন্ন হয়। মাটিৰ গভীৰত খনি বা সেইধৰণৰ আন স্থানত কাম কৰা মানুহ ৰেডনৰ সংস্পৰ্শলৈ আহিলে হাঁওফাঁওৰ কৰ্কটত আক্রান্ত হ’ব পাৰে।






























