insurance:✒️প্রতিদিনে লাখ লাখ লোকে ৰেলযোগে যাত্রা কৰে। এইদৰে ৰেলযোগে যাত্ৰা কৰা বহুতেই হয়তো নাজানে যে বেলৰ টিকটৰ লগত বীমাৰো সুবিধা প্রাপ্ত কৰিব পাৰি। ৰেল দুর্ঘটনাত কোনো যাত্ৰীৰ মৃত্যু হ’লে তেওঁৰ মনোনীত ব্যক্তিয়ে বীমা কোম্পানীৰ পৰা সহজতে ক্ষতিপূৰণ লাভ কৰিব পাৰে। তদুপৰি, ৰেল দুর্ঘটনাত আঘাতপ্রাপ্ত হ’লেও বীমাৰ সুবিধা লাভ কৰিব পৰা যায়।
দৰাচলতে ৰেলৰ টিকট বুকিং কৰাৰ সময়তে দুর্ঘটনাজনিত যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে বীমা কৰাব পৰা যায়। আনহাতে, অনলাইনত টিকট বুকিং কৰিলে যাৰ নামত বুক কৰা হয়, তেওঁলৈ মেইলযোগে বীমাৰ সবিশেষ প্ৰেৰণ কৰা হয়। ৰেল দুর্ঘটনাত মৃত্যু হোৱা মৃতকৰ পৰিয়াল নাইবা আঘাতপ্রাপ্ত লোকৰ বাবে কেনেধৰণৰ বীমাৰ সুবিধা উপলব্ধ সেই বিষয়ে জানো আহক…
আঘাতপ্রাপ্তৰ ক্ষেত্ৰত দুই লাখ টকাৰ ক্ষতিপূৰণ
যাত্রী এজনে গৈ থকা অৱস্থাত যদি ৰেলখন কোনো দুর্ঘটনাৰ সন্মুখীন হয় আৰু বেলত যাত্রা কৰাৰ সময়ত যাত্ৰীজন আহত হয়, তেন্তে তেনে যাত্ৰীৰ চিকিৎসাৰ খৰচ বীমা কোম্পানীয়ে বহন কৰে। এনে পৰিস্থিতিত বীমা কোম্পানীয়ে আঘাতপ্রাপ্ত যাত্ৰীৰ চিকিৎসাৰ বাবে দুই লাখ টকা পর্যন্ত আদায় দিয়ে।
দুর্ঘটনাৰ ফলত যদি কোনো ব্যক্তি আংশিকভাবে অক্ষম হৈ পৰে তেন্তে বীমাৰাশিৰ পৰিমাণ ৭.৫ লাখ টকালৈ বৃদ্ধি পায়। আনহাতে, সম্পূর্ণ অক্ষমতাৰ ক্ষেত্ৰত বীমাৰ পৰিমাণ আৰু বেছি হয়। ৰেল দুর্ঘটনাৰ ফলত কোনো ব্যক্তি যদি সম্পূর্ণকৈ অক্ষম হৈ পৰে তেন্তে তেনে ব্যক্তিক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয়। এই সুবিধা লাভ কৰিবলৈ হ’লে ৰেলযাত্রীয়ে টিকট বুকিং কৰাৰ সময়তে ৰেল দুর্ঘটনা বীমাৰ বাবে নিজৰ মনোনীত ব্যক্তিৰ সবিশেষ তথ্য জমা দিব লাগিব। তেনে নকৰিলে ক্ষতিপূৰণ লাভ কৰাত অসুবিধা হ’ব পাৰে।
মৃতকৰ পৰিয়ালে কেনেকৈ পাব বীমাৰ ধন?
ৰেলত যাত্ৰা কৰি থকা অৱস্থাত যদি কোনোবাই ৰেল দুর্ঘটনাত মৃত্যুবৰণ কৰে তেন্তে মৃতকৰ পৰিয়ালে ১০ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰে। ক্ষতিপূৰণৰ সুবিধা লাভকৰিবলৈ টিকট বুকিঙৰ সময়ত মনোনীত ব্যক্তিৰ সবিশেষৰে বীমা অংশ পূৰণ কৰিব লাগে। অন্যথা যাত্রীজনৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ বাবে ক্ষতিপূৰণ লাভ কৰা প্ৰক্ৰিয়াটো জটিল হৈ পৰে।
এই বীমা বা ক্ষতিপূৰণৰ সুবিধা কেৱল ভ্ৰমণৰ সময়ছোৱাৰ ক্ষেত্ৰতহে পাব পৰা যায়। অর্থাৎ যি ষ্টেছনৰ পৰা যাত্রা আৰম্ভ হয় আৰু য’ত যাত্ৰাৰ শেষ হয়, সেই যাত্রাকাল আৰু পথৰ মিল থাকিলেহে ক্ষতিপূৰণ পাব পাৰি। টিকটৰ তথ্য অনুসৰি যাত্ৰাকালৰ শেষৰটো ষ্টেছনৰ পাছত দুর্ঘটনা হ’লে এনে বীমাৰ সুবিধা পোৱা নাযায়।
