Fraud at Samaguri Bajrang Filling Station:
কালৰো কাল বিপৰীত কাল ৷ তেল ডিপোত তেল ভৰাই টকা পৰিষোধ নকৰাকৈ পলাল গাড়ী ৷ ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ চামগুৰিৰ এটা তেল ডিপোত। সোমবাৰে নিশা চামগুৰিৰ বজৰং ফিলিং ষ্টেচনত তেল ভৰাবলৈ আহে এখন গাড়ী৷ এএছ০২-জি-৩৩৮২ নম্বৰৰ i10 গাড়ীখনত পেট্ৰল ভৰাই দুহেজাৰ টকাৰ। গাড়ীত পেট্ৰল ভৰাই শেষ হওঁতেই ধন নিদিয়াকৈ উধাও হয় গাড়ীখন।
ADVERTISEMENT
পিছে পিছে তেল ডিপোৰ কৰ্মচাৰীয়ে গাড়ীখন খেদি যায় যদিও তীব্ৰ গতিত পলায়ন কৰে গাড়ীখন। ঘটনাটোৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত। ইতিমধ্যে তেল ডিপোৰ কৰ্তৃপক্ষই চিচিটিভি ভিজুৱেল সহ বাহন খনৰ নম্বৰ সহ এজাহাৰ দাখিল কৰিছে চামগুৰি থানাত ।






























