বয়স মাথোঁ সংখ্যাহে! বিস্ময়াভিভূত কৰিলে অনেকক

৭১ বছৰত ১৩ হেজাৰ ফুট উচ্চতাৰ পৰা স্কাইডাইভকেৰালাৰ লীলা জ'ছৰ

IMG 20250917 105715

Skydives:✒️বয়স মাথোঁ সংখ্যাহে। যেন এই কথাষাৰ আখৰে আখৰে প্ৰমাণ কৰিলে কেৰালাৰ এগৰাকী দুঃসাহসী মহিলাই। ৭১ বছৰীয়া লীলা জ’ছে ১৩ হেজাৰ ফুট উচ্চতাৰ পৰা স্কাইডাইভ কৰি বহুতকে বিস্ময়াভিভূত কৰিলে। মহিলাগৰাকীৰ উদ্যম আৰু সাহসত বহুতে তাজ্জৱ মানিছে। উল্লেখ্য যে জ’ছৰ পূর্বে এনে বয়সত স্কাইডাইভ কৰা ব্যক্তিৰ সংখ্যা বিশ্বতে বিৰল।

মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ সুদীর্ঘকাল ধৰি এনে উচ্চতাৰ পৰা স্কাইডাইভ কৰাৰ সপোন পুহি ৰাখিছিল। অৱশেষত তেওঁৰ এই সপোন পুৰণ কৰিলে। মহিলাগৰাকীৰ পুত্ৰ পি অনীশ অভিযন্তা। এটা সংস্থাত কার্যনির্বাহ কৰা পুত্রই মাতৃৰ দীর্ঘদিনীয়া স্কাইডাইভৰ সপোন পূৰণ কৰে। অৱশ্যে প্রথম অবস্থাত পুত্রই বয়স্কা মাতৃৰ এই বিপদসংকুল সপোন পূৰণত সহায় আগবঢ়াবলৈ অস্বীকাৰ কৰিছিল।

এই কথা সদবী কৰি মহিলাগৰাকীয়ে কয়, ‘প্রথমে মোৰ পুত্রই ভাবিছিল যে মই বলিয়া হৈছো। কিন্তু বুজোৱাত তেওঁ মোৰ সপোন পুৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিলে।’ পুত্রই বয়স্কা মাতৃক স্কাইডাইভিং প্রশিক্ষণ গ্ৰহণৰ বাবে নিয়াৰ সময়ত সংশ্লিষ্ট প্রশিক্ষকসকলো হতবাক হৈছিল।

স্বাভাৱিকতে তেওঁলোকে ধাৰণা কৰিছিল যে অনীশে এই দুঃসাহসিক ক্রীড়াৰ প্রশিক্ষণ গ্রহণ কৰিব। কিন্তু তেওঁলোকৰ ধাৰণা ভুল প্রমাণিত কৰি জ’ছেহে প্রশিক্ষণ গ্রহণ কৰে। এই প্রশিক্ষণ গ্রহণো তেওঁৰ ব্যর্থ নহ’ল। মুৰকত তেওঁ ১৩ হেজাৰ ফুট উচ্চতাৰ পৰা স্কাইডাইভিং কৰে।

মাতৃৰ স্কাইডাইভিঙৰ প্ৰশিক্ষণৰ বাবদ পুত্র অনীশে দুই লাখ টকা ব্যয় কৰে। এই ধন অথলে নগ’ল। এই দুঃসাহসিক অভিযান সম্পর্কত মহিলাগৰাকীয়ে লগতে কয়, ‘যেতিয়া ছহেজাৰ ফুট উচ্চতাৰ পৰা পেৰাছুটেৰে নামি আহিলো, তেতিয়াই বুজি পালো যে মই নিৰাপদে পৃথিৱীত অৱতৰণ কৰিব পাৰো।’

পৃথিৱীত অৱতৰণৰ পাছত নিজৰ বন্ধুবৰ্গৰ আগত এই স্কাইডাইভিঙৰ ভিডিঅ’ প্রদর্শন কৰে। ইয়াৰ আগলৈকে তেওঁক এনে এক দুঃসাহসিক অভিযান হাতত লোৱাৰ বাবে বন্ধুবর্গই ঠাট্টা-মস্কৰা কৰিছিল। ভিডিঅ’টো দেখাৰ পাছৰ পৰা তেওঁৰ বন্ধুবৰ্গৰ এনে আচৰণ নোহোৱা হয়। উল্লেখ্য যে ছবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ বিয়োগ ঘটে।

স্বামী জীৱিত থকা হ’লে তেওঁৰ এই কৃতিত্বক লৈ অতি আনন্দিত হ’লহেঁতেন বুলি মহিলাগৰাকীয়ে মন্তব্য কৰিছে।

Exit mobile version