PM Modi: ✒️আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক জন্মদিন। আজিৰ দিনটোতে তেওঁ আৰম্ভ কৰিলে ‘স্বচ্ছ নাৰী, শক্তিশালী পৰিয়াল অভিযান’ প্ৰকল্প । এই প্ৰকল্পৰ লক্ষ্য হৈছে মহিলা, কিশোৰী আৰু ছোৱালীক স্বাস্থ্য আৰু পুষ্টি সেৱা প্ৰদান কৰা।
২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ গঢ়ি তোলা লক্ষ্য প্ৰধানমন্ত্ৰীৰ।এইবাৰ সেই লক্ষ্যৰে ন8জৰ জন্মদিনত এক নতুন প্ৰকল্প আৰম্ভ কৰে।
এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে ‘স্বচ্ছ মহিলা, শক্তিশালী পৰিয়াল’ অভিযানৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এখন সুস্থ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ লক্ষ্যত উপনীত হোৱা।
ইয়াৰ মূল লক্ষ্য হৈছে মহিলাকেন্দ্ৰিক প্ৰতিৰোধমূলক, প্ৰচাৰমূলক, আৰু নিৰাময়মূলক স্বাস্থ্যসেৱা প্ৰদান কৰা।
অৱগত কৰা হৈছে যে অসংক্ৰামক ৰোগ, ৰক্তহীনতা আৰু যক্ষ্মা আদি ৰোগৰ দ্ৰুত নিৰ্ণয় আৰু চিকিৎসাৰ উপৰিও মাতৃ, শিশু আৰু নাবালক স্বাস্থ্যসেৱা আদি বিষয়ত গুৰুত্ব দিয়া হ’ব।
চৰকাৰী বিবৃতি অনুসৰি ১৭ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ সমগ্ৰ দেশৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয় আৰু অন্যান্য চৰকাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত এই অভিযান অনুষ্ঠিত হ’ব।
কমেও এক লাখ স্বাস্থ্য শিবিৰত আয়োজন কৰা হ’ব এই অভিযান। যিটো দেশৰ মহিলা আৰু শিশুৰ বাবে সৰ্ববৃহৎ স্বাস্থ্য প্ৰকল্প হিচাপে পৰিগণিত হ’ব।






























