Guwahati:
অৱশেষত সন্ধান ওলাল মহানগৰীৰ জ্যোতিনগৰৰ পৰা নিখোজ হোৱা তিনি কিশোৰীৰ ৷ বৃহস্পতিবাৰে নিশা উলুবাৰীস্থিত কেএফ চি ওচৰত মহানগৰ আৰক্ষীৰ ডিচিপি অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী তিনি গৰাকীক ৷ কিশোৰী কেই গৰাকী হ’ল চুইটি দাস (১৪),টিনা ৰাভা (১২) আৰু ইছা নাথ (১৪) ৷
বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ উভতি অহা নাছিল ঘৰলৈ ৷ নিশা লৈকে কিশোৰী তিনি গৰাকী ঘৰলৈ আহি নোপোৱাত পৰিয়ালৰ লোকে চানমাৰি থানাত দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পিছতে আৰক্ষীয়ে কিশোৰীত্ৰয়ৰ সন্ধানত আৰম্ভ কৰে অভিযান ৷
ইতিমধ্যে যোৱা নিশা আৰক্ষীয়ে উলুবাৰীৰ পৰা তিনিও গৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ হাতত পৰা তথ্য অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা ৩ যুৱকৰ সৈতে স্কুটাৰত উঠি গৈ হৈছিল সন্ধানহীন ৷ এই সংক্ৰান্তত গান্ধীমণ্ডপৰ পৰা এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷
আনহাতে নিখোজৰ এই ঘটনাক অপহৰণ কাণ্ড নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ নিশাই উদ্ধাৰ হোৱা তিনি কিশোৰীক চানমাৰি থানালৈ লৈ অনা হয় ৷






























