Zubeen Grag
অসমীয়াৰ হিয়াৰ আমঠু জনকন্ঠ জুবিন গাৰ্গৰ শেষকৃত্যস্থলী সোণাপুৰৰ কমাৰকুছিত আজি বিয়লি পুনৰ উপস্থিত হয় মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰস্তুতিৰ কামকাজৰ বুজ লয় ৷ পুৱাৰে পৰা কামকাজৰ তদাৰক কৰি থকা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ স’তেও মতবিনিময় কৰাৰ লগতে কেতবোৰ পৰামৰ্শ দিয়ে I


আনহাতে আজি আছুৰ মুখ্য উপদেষ্টা ড:সমুজ্জল ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মাসহ কে’বাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত হয় শেষকৃত্যস্থলীত ৷ উল্লেখ্য যে,ৰাজ্য চৰকাৰে কালি জুবিনৰ শেষকৃত্যৰ বাবে সোণাপুৰৰ কমাৰকুছিত নিৰ্ধাৰণ কৰাৰ পিছত নিশাই মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা প্ৰস্তুতিৰ বুজ লৈছিল ৷






























