Zubeen Garg:✒️জীৱন-সংঘাত, প্রেম-বিৰহৰ সঞ্জীবনী সুধাই নহয়, আকাশ-বতাহ ধ্বনিত হোৱাকৈ মানৱতাৰো জয়গান গোৱা শিল্পী জুবিন গাৰ্গক কৃতজ্ঞ জনতাই কায়িক বিদায় জনালে। বৰলুইতৰ দুয়োপাৰৰ জনতাই চকুলো টুকি যেন কয় ‘তোমাৰ শিল্প ধীমান, কাৰণ তোমাৰ শিল্প সুন্দৰ’ (Thou art wise as thou art beautiful-Shaksepear)। নিজৰ মৃত্যুৰ সময়ত গাব পৰাকৈ সৃষ্টি কৰা গীতৰ সুৰ আৰু নিজে কই যোৱা চন্দন কাঠৰ ধোঁৱাৰ মাজেৰে ভূমিৰ পৰা ভূমালৈ মঙলবাৰে ৰাষ্ট্রীয় মর্যাদাৰে অনন্ত যাত্ৰা কৰিলে জুবিন গার্গে।
তেওঁ প্রকৃতি ভাল পাইছিল, গছ-গছনি ভাল পাইছিল। ঠিক তেনে এক প্রাকৃতিক পৰিবেশেই আজিৰ পৰা স্থায়ী ঠিকনা হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ। এক ৰহস্যজনক মৃত্যুক সাবটি লোৱা অসমবাসীৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ আজি গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কমাৰকুছিত শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰদেহত শেষ শ্রদ্ধা নিবেদন কৰিবলৈ যোৱা দুদিন ধৰি গুৱাহাটীত জনতাৰ যি অভূতপূর্ব ভিৰ সৃষ্টি হয়, শেষকৃত্যৰ সময়তো তাৰ ব্যতিক্রম নহ’ল। স্থানৰ অভাৱৰ বাবে চৰকাৰ তথা জিলা প্রশাসনে সীমিত সংখ্যক লোকৰহে উপস্থিতি শেষকৃত্য স্থলীত বিচাৰিছিল।
জুবিন গাৰ্গৰ দৰে শিল্পীৰ ক্ষেত্ৰত চৰকাৰৰ এই ধৰণৰ তৎপৰতা প্ৰকৃততে এক অর্থহীন বিষয়হে। সেয়েহে কালি পুৱতি নিশাৰ পৰাই শেষকৃত্যস্থলীত জনতাৰ ভিৰ বাঢ়িবলৈ ধৰে। ১০.৩০ বজাৰ পৰা সেই ভিৰ জনসমুদ্রত পৰিণত হয়। আজিও শেষকৃত্যস্থলীত দেখা গ’ল কেবল মানুহ আৰু মানুহ। পূব অসম, পশ্চিম অসম সকলো দিশৰ পৰাই মানুহৰ আগমন হয়। এনে পৰিৱেশৰ মাজতে পুৱা ১১ বজাত শেষকৃত্যৰ পৰম্পৰাগত প্রক্রিয়া আৰম্ভ হয়।
শেষকৃত্যৰ বাবে মঙলবাৰে পুৱা ১০ বজাত সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ পৰা এক বৃহৎ সমদল কৰি জুবিন গাৰ্গৰ নম্বৰদেহ লৈ যোৱা হয় শেষকৃত্যস্থলীলৈ। সৰুসজাইৰ পৰা খানাপাৰালৈ গাড়ী প্রায় আগুৱাব পৰা নাছিল। জুবিনক শেষ বিদায় জনাবলৈ ৰাস্তাৰ দুয়োকাষে অজস্র লোকে ভিৰ কৰে। আনকি এনে পৰিৱেশৰ সৃষ্টি হয় যে বহু লোকে নশ্বৰদেহ কঢ়িয়াই নিয়া বাহনখনো ভেটি ধৰে। তেনেকৈয়ো প্রিয় শিল্পীগৰাকীক শেষ বিদায় জনায় ৰাইজে। ১১ বজাৰ ঠিক আগে আগে নশ্বৰদেহ কঢ়িওৱা এম্বুলেঞ্চ সমাধিস্থলীত উপস্থিত হয়। যোৱা দুদিন যুদ্ধংদেহি ৰূপত কাম কৰি সজাই তোলা হয় এই সমাধিক্ষেত্র।
পাপু বুলি মাতিবলৈ আৰু নাই
নশ্বৰদেহ উপস্থিত হোৱাৰ পূৰ্বে সমাধিক্ষেত্ৰত আসন গ্রহণ কৰিছিল পৰিয়ালৰ নির্দিষ্ট লোকসকল, ৰাজ্যৰ চৰকাৰৰ আমন্ত্রিত ব্যক্তিসকলে। একেদৰে মানুহো বিৰ দি বাট নোপোৱাকৈ উপচি পৰিছিল। এম্বুলেঞ্চৰ পৰা আইনাৰ কফিনটো নমোৱাৰ পাছত শ্রদ্ধাঞ্জলি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মা, প্রধানমন্ত্রীৰ প্ৰতিনিধিৰূপে অহা কেন্দ্রীয় মন্ত্রী কিৰেণ বিজিজু, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়া আদিয়ে শ্রদ্ধাঞ্জলি নিবেদন কৰে। উপস্থিত থাকে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আদিও। ইয়াৰ পাছত পিতৃ মোহিনী মোহন বৰঠাকুৰ তথা কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালবর্গই শ্রদ্ধাঞ্জলি জনায়। অসুস্থ শৰীৰেৰে পিতৃয়ে আৰু কাহানিও ‘পাপু’ (দেউতা) বুলি মাতিব নোৱাৰা পুত্ৰলৈ শ্রদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি আহোতে কে’বাগৰাকী ব্যক্তিয়ে তেওঁক সংগ দিয়ে। গুৱাহাটীৰ ঘৰৰ পৰা এম্বুলেঞ্চবে তেওঁক অন্ত্যেষ্টিক্রিয়া স্থলীলৈ নিয়া হৈছিল। বিভিন্ন ৰোগত আক্রান্ত হৈ থকা পিতৃক এম্বুলেঞ্চৰ পৰা শেষকৃত্যৰ মূল স্থলীত এখন ট্ৰেচাৰত দাঙি নিয়া হয়। কে’বাজনো আৰক্ষী বিষয়াৰ লগতে শিল্পী অংগৰাগ পাপন মহন্ত, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য আদিয়ে দাঙি নি তেওঁক নির্দিষ্ট স্থানত বহুরায়। তাৰ পৰাই পুত্ৰক শেষ বিদায় জনাবলৈ কে’বাজনৰো সহায়ত থৰক-বৰক খোজেৰে পিতৃ আগবাঢ়ি যায়। পত্নী, এগৰাকী জীয়ৰী আৰু শেষত একমাত্র পুত্রকো হেৰুৱাই মুক হৈ পৰা মোহিনী মোহন বৰঠাকুৰক সান্ত্বনা দিয়াৰ সাহস কাৰো নাছিল। গৰিমা শইকীয়া গার্গে বহু সময় কফিনটোৰ আইনাৰে মনৰ মানুহজনৰ স’তে একাত্ম হোৱাৰ দৃশ্যই সকলোৰে হৃদয় বিদাবি নিয়ে। কান্দি কান্দি ভাগৰি নপৰা গৰিমাই এখন কমালত নাহৰ পাতৰ লগত আলফুলে বান্ধি অনা জুবিনৰ চাদা টেমাটো আগবঢ়াই দিয়ে।
জ্যেষ্ঠ শিল্পী জে পি দাস, অভিনেতা যতীন বৰা, কণ্ঠশিল্পী বিপিন চাউদাং, শিল্পী জুবলি বৰুৱা আদিৰ লগতে অসম সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তাই আহোম ছাত্র সন্থা, সদৌ অসম চুতীয়া ছাত্র সন্থা, আদিবাসী ছাত্র সস্থা, এবছুকে ধৰি কে’বাটাও সংগঠনেও শ্রদ্ধাঞ্জলি জনায়।
নিজে ৰুই যোৱা চন্দন কাঠত চিৰশায়িত
শ্রদ্ধাঞ্জলিৰ পাছতে আৰম্ভ হয় শেষকৃত্যৰ ৰীতি-নীতি। দুগৰাকী ব্রাহ্মণে মন্ত্রোচ্চাৰণ কৰে। ইতিমধে চিতা সজাই তোলা হৈছিল। জুবিন গাৰ্গৰ চিতাত কেৱল ৰঙা চন্দন কাঠ ব্যৱহাৰ কৰা হয়। এই কাঠ আগবঢ়ায় শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজ, ডিমৰীয়া কলেজ আৰু ডিমৰীয়াবাসী ৰাইজে। কলাক্ষেত্ৰৰ বঙা চন্দন গছজোপা জুবিন গার্গে নিজেই কইছিল। সেই গছজোপাৰ এটা অংশ কাটি আজি তেওঁৰেই শেষকৃত্যত ব্যৱহাৰ কৰা হয়।
ইপিনে, কফিনৰ পৰা মৃতদেহ উলিয়াই ধর্মীয় পৰম্পৰাৰে পৰিয়ালৰ লোকে প্রয়োজনীয় নীতি-নিয়মবোৰ ৰূপায়ণ কবে। ব্রাহ্মণৰ মন্ত্রোচ্চাৰণৰ সমান্তৰালকৈ এই ৰীতি-নীতিবোৰ ৰূপায়ণ কৰা হয়। কমেও আধা ঘণ্টা সময় অতিক্রম হোৱাৰ পাছত ইহলোকৰ পৰা বিদায় দিবলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ চিতাত তুলি দিয়া হয়। সাঙী কৰি নশ্বৰদেহ তেওঁৰ মুখাগ্নি কৰা ভগ্নীসহ চাৰিগৰাকীৰ লগতে সহযোগী হিচাপে অন্যান্য লোকেও চিতাৰ ওচৰলৈ কঢ়িয়াই আনে। অসম আৰক্ষীৰ লোকেও ইয়াত সহযোগিতা আগবঢ়ায়। গুৱাহাটীৰ আৰক্ষী আযুক্ত পার্থসাৰথি মহস্তয়ো এই সান্তী বহন কৰে। নৱ বস্ত্ৰ আৰু ফুলেৰে আবৃত্ত হৈ থকা জুবিনক এটা মুহূর্তত আনি নতুনকৈ সজা চিতাত তুলি দিয়া হয়। সেই সময়ত শংখ, তাল আদি বাজি উঠে। নশ্বৰদেহ চিতাত তুলি থোৱাৰ পাছতো ৰূপায়ণ কৰা হয় পৰম্পৰাগত ৰীতি-নীতি। অৱশেষত আহে সেই মুহূৰ্তটো। ইয়াৰ পাছত অসম আৰক্ষীৰ দলে বাষ্ট্রীয় মর্যাদাৰ অংশ হিচাপে অভিবাদন জনোৱাৰ লগতে তিনি জাঁই গুলি ফুটায়।
ভগ্নীসহ চাৰি ঘনিষ্ঠৰ মুখাগ্নি
পুৰোহিতদ্বয় পংকজ শর্মা আৰু তুষাৰ ভাগৱতীৰ মন্ত্রোচ্চাৰণৰ মাজেৰে ইহসংসাৰত এৰি যোৱা একমাত্র ভগ্নী পামী বৰঠাকুৰে জুবিনৰ মুখাগ্নি কৰে। তেওঁক সহযোগ কৰে জুবিন গার্গে পুত্ৰসম জ্ঞান কৰা ৰাহুল গৌতম শর্মাই। তেওঁলোকৰ লগত থাকে পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰা অৰুণ গাৰ্গ আৰু সম্পৰ্কীয় ভ্রাতৃ ৰিতু প্রয়াগ গার্গে। ইয়াৰে অৰুণ গাৰ্গ হ’ল শিৱসাগৰৰ দৌলবাগানৰ চাহ জনগোষ্ঠী সম্প্রদায়ৰ এজন যুৱক। কৰ্মৰ সন্ধানত গুৱাহাটীলৈ আহি জুবিনৰ ঘৰৰ এজন কর্মচাৰীৰূপে নিয়োজিত হৈ আছে অৰুণ। অৰুণৰ প্ৰকৃত নাম হ’ল অৰুণ চাচনী। জুবিনে চাচনী উপাধিটো আঁতৰাই অৰুণ গার্গ কৰিছিল। ভগ্নী পামী আৰু ৰাহুল গৌতমে নিয়ম অনুসৰি চিতাৰ চৌদিশে সাত পাক প্রদক্ষিণ কৰি মুখাগ্নি পর্ব সম্পন্ন কৰে আৰু সেই সময়ছোৱাত বিশেষভাবে বাজি উঠে ‘মায়াবিনী ৰাতিৰ বুকুত…’। উল্লেখ্য যে অসমীয়া সংগীতৰ অন্যতম শ্রেষ্ঠ আৰু জনপ্রিয় গীতটো জুবিনে নিজেই লিখিছিল আৰু নিজেই সুৰ দি গাইছিল। জুবিনে ৰাজহুৱাভাবে কে’বাখনো মঞ্চত আহ্বান জনাইছিল যে তেওঁৰ মৃত্যুত যাতে এই গীতটো বজোৱা হয়। অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ সেই আহ্বান অনুসৰিয়ে এই বিশেষ গীতটো বিগত দিনকেইটাত সর্বত্র বাজি থাকে। আজিও মুখাগ্নি কৰাৰ সময়ত বাজি উঠা গীতটোৰ সমান্তৰালভাৱে সমবেত হেজাৰ হেজাৰ লোকেও ইয়াক পৰিবেশন কৰে। কান্দি একপ্ৰকাৰ বাউলি হোৱা সত্ত্বেও পত্নী গৰিমাই জনতাৰ স’তে সেই গীত আওৰায়। চৌদিশে সৃষ্টি হয় আবেগবিহ্বল পৰিৱেশ। মৃত্যু হ’লেও ইমান দিন এটা শৰীৰ হৈ জুবিন গাৰ্গ অসমবাসীৰ মাজত আছিল। আজিৰ পৰা যেন সেইখিনিও নোহোৱা হৈ গ’ল। শোকে খুন্দা মাৰি ধৰা শেষকৃত্যস্থলীৰ অজস্ৰ লোকে কান্দোন ৰখাব নোৱাৰিলে। আনকি কৰ্তব্যৰত বহু আৰক্ষীয়েও হুকহুকাই কান্দি উঠে।
নতুন চন্দন কাঠৰ বাবে প্রথমে ঘন ধোঁৱা ওলাইছিল। সেই ধোঁৱাক জুইলৈ পৰিৱৰ্তন কৰিবলৈ তৎপৰ হৈ পৰিছিল অসম গৌৰৱ ধৃতিমালা ডেকাই। শবদেহ দাহ কৰাত পাকৈত ডেকাক সহযোগ কৰে একে বিষয়তে দক্ষ জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাসে। তেওঁলোকৰ তৎপৰতাত এটা সময়ত দদপকৈ জুলি উঠে জুবিনৰ চিতাৰ জুইকুৰা। সেই জুইত ক্রমে ছাইত পৰিণত হয় হিয়াৰ আমঠু শিল্পীগৰাকী। প্রিয় শিল্পী এনেকৈ চকুৰ আগত তেওঁ গাই যোৱা গীতৰ দৰে ‘জুলি জ্বলি নিঃশেষ হোৱা’ সহিব পৰা নাছিল বহু অনুৰাগীয়ে। তাৰ বাবে কে’বাগৰাকী অনুৰাগী ঠাইতে মূর্ছা যায়। আৰক্ষীৰ সকলো বাধা নেওচি বহু অনুৰাগীয়ে বেৰিকেড পাৰ হৈ এটা সময়ত চিতাৰ একেবাৰে ওচৰ চাপে। তেওঁলোকে অনর্গল গাবলৈ ধৰে ‘মায়াবিনী ৰাতিৰ বুকুত…’। বহুতে দণ্ডৱতে সেবা জনায় চিতাৰ জুইকুৰাত। এনে পৰিবেশৰ মাজতে বেছি অসুস্থ অনুভৱ কৰে মোহিনী বৰঠাকুৰে। তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
চিতাভস্ম-অস্থি সংগ্রহ
শেষকৃত্য সম্পন্ন হোৱাৰ পাছত সেই স্থানৰ কে’বাটাও মাটিৰ কলহত চিতাভস্ম ৰীতি-নীতিৰ মাজেৰে সংগ্ৰহ কৰা হয়। চিতাভস্মৰ কলহবোৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে গ্রহণ কৰে। অস্থি গ্রহণ কৰে পৰিয়ালৰ লোকে। চিতাভস্মৰ সন্দৰ্ভত মন্ত্রী ডাঃ ৰণোজ পেগুৱে জনায় যে অসম চৰকাৰে দুই-এদিনৰ ভিতৰতে এটা অতি সহজ প’র্টেল মুকলি কৰিব। তাত যিকোনো অনুষ্ঠান-প্রতিষ্ঠানে চিতাভস্ম বিচাৰি আবেদন কৰিলে তেওঁলোকক প্ৰদান কৰা হ’ব। আনহাতে, চৰকাৰৰ উদ্যোগত চিতাভস্ম মৃত্যুৰ ১৩ দিনৰ দিনা যোৰহাটলৈ নিয়া হ’ব। তাত শ্রাদ্ধ অনুষ্ঠিত হোৱাৰ লগতে নিৰ্মাণ হ’বলগীয়া সমাধিস্থলীত ৰখা হ’ব।
নাহৰ গছ ৰোপণ
জুবিনে প্রকৃতিক প্রাণ ভৰি ভাল পাইছিল। নাহৰ আছিল তেওঁৰ প্ৰিয় গছ। জুবিনৰ প্ৰিয় গছৰ স্মৃতিৰ বাবেই সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গার্গে এটি নাহৰ গছৰ পুলি ৰোপণ কৰে।
নিশাও অনুৰাগীৰ ভিৰ
সন্ধিয়া শেষকৃত্য সম্পূর্ণ হয়। অথচ নিশালৈকে সমাধিস্থলীলৈ অব্যাহত থাকে অনুৰাগীৰ সোঁত। কান্দোন, উচুপনিৰ মাজতে বহুতে চিতা সজোৱা স্থানৰ সম্মুখত বহি জুবিন গাৰ্গৰ বিভিন্ন গীত পৰিবেশন কৰে।
