Supreme court:✒️গুৱাহাটীত বান সৃষ্টিৰ আঁৰত বিতর্কিত মহবুবুল হকৰ মেঘালয়স্থিত ইউনির্ভাছিটি অব ছায়েন্স এন্ড টেকন’লজী মেঘালয় (ইউএছটিএম) জগৰীয়া বুলি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যোৱা বছৰৰ পৰা মুকলি অভিযোগ উত্থাপন কৰি অহাৰ পাছত সম্প্রতি ব্যক্তিগত শিক্ষানুষ্ঠানখন বেদখলীকৃত ভূমিত নির্মিত বুলি প্রতিবেদন দাখিল কৰিলে উচ্চতম ন্যায়ালয়ৰ কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতি (চিইচি)য়ে।
বনভূমি বেদখল কৰি নিৰ্মাণকাৰ্য সম্পন্ন কৰাৰ বাবে উচ্চ শিক্ষানুষ্ঠানখনক ১৫০.৩৫ কোটি টকাৰ জৰিমনা বিহাৰ পৰামৰ্শও প্রদান কৰিছে সমিতিখনে। সমিতিয়ে পোহৰলৈ অনা অনুসৰি, মেঘালয়ৰ বিভই জিলাস্থিত ইউএছটিএম বনাঞ্চলৰ ২৫ হেক্টৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছে। এনেদৰে বনাঞ্চলৰ ভূমি বেদখল কৰাৰ ফলত মেঘালয়ৰ উপৰি অসমতো বিৰূপ প্ৰভাৱ পৰা বুলিও সমিতিখনে প্রতিবেদনত উল্লেখ কৰিছে।
কেৱল সেয়াই নহয়, ইউএছটিএমে বেদখল কৰা এই ভূমি আৰু অট্টালিকাসমূহ আঁতৰাই এবছৰৰ ভিতৰত এই বৃহৎ পৰিসৰৰ ভূমিক বনাঞ্চললৈ পৰিণত কৰিবলৈয়ো সমিতিখনে পৰামৰ্শ আগবঢ়াইছে। এই অবৈধ নির্মাণ কার্য আঁতৰোৱাত জৰিমনাৰ ধন ব্যৱহাৰ কৰাৰ পোষকতা কৰিছে সমিতিখনে।
উল্লেখ্য যে এই সমিতিয়ে সমগ্র বিভই জিলাত অবৈধভাবে খনি, কুৱেৰী আৰু শিল ভঙা কার্য চলি থকাটোও ধৰা পেলায়। এক চৰকাৰী পুনৰীক্ষণ নকৰা পর্যন্ত এইসমূহ অবৈধ কার্যও স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছে সমিতিখনে। ইতিমধ্যে সমিতিয়ে প্রতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে।
এই প্রতিবেদনত স্পষ্টভাৱে মেঘালয়ৰ ৰিভই আৰু পূব খাছী পাহাৰ জিলাত ব্যাপক হাৰত পৰিৱেশৰ ক্ষতিকাৰক কাৰ্যকলাপ চলি থকা বুলি উল্লেখ কৰি কয় যে ইয়াৰ বিৰূপ প্রভার অসমতো বিশেষকৈ গুৱাহাটী মহানগৰৰ ওপৰত পৰিছে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ এই কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিয়ে মেঘালয়ত বনাঞ্চলৰ সংজ্ঞা আৰু বলবৎ আইনসমূহৰ বিশ্লেষণ কৰি আৰু ইউএছটিমস্থিত ভূমিৰ পৰ্যায় পৰীক্ষা কৰি এই প্রতিবেদন প্রস্তুত কৰিছে। প্রতিবেদনত সমিতিয়ে কয়, ‘ইউএছটিএমে আৱৰি ৰখা ১৫.৭১ হেক্টৰ ভূমিৰ ১৩.৬২ হেক্টৰেই হৈছে বনভূমি।
তদুপৰি আন ১২.১৩ হেক্টৰ ভূমি পি এ চাংমা মেম’ৰিয়েল মেডিকেল কলেজৰ বাবে অনুমোদন জনোৱা হৈছে। ইয়াৰে ৭.৬৪ হেক্টৰ ভূমি ইতিমধ্যে ভঙা হৈছে বা ব্যৱহাৰ কৰা হৈছে। এই ভূমি ভঙা কার্য ধ্বংসাত্মকভাৱে কৰা হৈছে আৰু চাৰিওকাষৰ অতিশয় ক্ষতি হৈছে।
ব্যাপক আৰু নির্বিচাৰভাৱে বনাঞ্চল ধ্বংসৰ প্ৰমাণ পোৱা গৈছে।’ উল্লেখ্য যে ২০১৭ত কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ আঞ্চলিক কার্যালয়ে মেঘালয় চৰকাৰক ইউএছটিএমৰ ভূমিৰ পৰ্যায়ৰ চৰজমিন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া তথ্যও উচ্চতম ন্যায়ালয়ৰ কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিয়ে পাইছে।
আৰম্ভণিতে শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষই দাবী কৰে যে শিক্ষানুষ্ঠানখন অনা-বনভূমিৰ অঞ্চলত স্থাপন কৰা হৈছে; কিন্তু কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ আঞ্চলিক কার্যালয়ে ধৰা পেলায় যে শিক্ষানুষ্ঠানখনৰ ১৩.৬২ হেক্টৰ ভূমি বনাঞ্চলৰ। গতিকে এই আঞ্চলিক কার্যালয়ে বিশ্ববিদ্যালয়খনক বন সংৰক্ষণ আইন-১৯৮০ৰ অধীনত বনভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে প্রস্তাব আগবঢ়াবলৈ নির্দেশ দিয়ে।
তৎসত্ত্বেও ইউএছটিএম কর্তৃপক্ষই কোনো ধৰণৰ প্ৰস্তাৱ আগনবঢ়ালে। বৰঞ্চ শিক্ষানুষ্ঠানখনে মেঘালয় বনাঞ্চল অধিনিয়ম-১৯৭৩ ভংগ কৰাৰ তথ্যহে পোহৰলৈ আহিছে। ২০১৭ৰ পৰা হিচাপ কৰি কেন্দ্ৰীয় ক্ষমতাসম্পন্ন সমিতিয়ে শিক্ষানুষ্ঠানখনক এই ডেৰশ কোটিৰ জৰিমনা বিহিছে।






























