Jorhat:
জনগণৰ শিল্পী, প্রকৃতিপ্রেমী তথা আৰ্তজনৰ সেৱক জুবিন গাৰ্গৰ স্মৃতিত প্রকৃতিপ্রেমী অনুষ্ঠান সেৱাই হাতীগড় মেটেলিৰ মাধুৰ্য বৰা (মাইনা) নামৰ দুৰ্ঘটনাগ্রস্ত হৈ পক্ষাঘাতত আক্রান্ত এজন লোকক শিল্পীজনৰ আদ্যশ্রাদ্ধৰ দিনাই হুইল চেয়াৰ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জনায়।
চিনামৰাৰ প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ প্ৰেৰণাৰ সহযোগত মহান শিল্পীজনৰ স্মৃতিত সেৱাৰ সভাপতি হেমেন কুমাৰ শইকীয়া, প্রধান সম্পাদক প্ৰণৱজ্যোতি শইকীয়া, কাৰ্যকৰী সমিতিৰ সভাপতি জগন্নাথ অগ্নি বৰা আৰু সেৱাৰ আজীৱন সদস্য তথা অর্থনীতি আৰু পৰিসংখ্যা বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ৰ উপ-সঞ্চালক সূৰ্যকমল বৰাই হুইল চেয়াৰখন পৰিয়ালৰ হাতত অর্পণ কৰে।
মহান শিল্পীজনৰ মানুহ আৰু প্ৰকৃতিৰ প্ৰতি থকা অকৃত্রিম প্ৰেমৰ প্রতি শ্রদ্ধা জনাই অনুষ্ঠানৰ তৰফৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা বুলি সম্পাদক ৰাজীৱ কুমাৰ নাজিৰ আৰু শ্ৰীমন্ত মাধৱ বৰুৱাই জনাইছে। একমাত্র উপাৰ্জনক্ষম ব্যক্তিজনৰ দুৰ্ঘটনাৰ এবছৰৰো অধিক কাল হোৱাৰ পাছতো কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱা বুলি উল্লেখ কৰি পৰিয়ালটোৱে দৈনন্দিন সম্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত হুইল চেয়াৰখন বহু সহায় হ’ব বুলি কৈ সেৱাৰ প্ৰতি কৃতজ্ঞতা জনায়।




































