জুবিন হত্যাৰ মূল পৰিকল্পনা কাৰ? এজনৰ পাছত আনজনক জেৰা

IMG 20251005 105522

Zubeen Garg:✒️বিহপান কৰাই জুবিন গার্গক দীর্ঘ পৰিকল্পনাৰে হত্যাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সর্বত্র নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাইজ তথা অনুৰাগীৰ মাজত প্ৰথমৰ পৰাই হত্যাৰ যি সন্দেহ ঘনীভূত হৈছিল, সেয়াই আৰক্ষীৰ জেৰাত ধৃত অভিযুক্তৰ মুখেৰে ওলোৱাত সমগ্র ঘটনাই লাভ কৰিছে নতুন ৰূপ।

ইয়াৰ মাজতে কালি জুবিন গাৰ্গৰ হত্যাৰ অনুসন্ধানকাৰী বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ আজিও জেৰা অব্যাহত ৰাখে ধৃত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক।

ইপিনে, শনিবাৰে চতুৰ্থবাৰলৈ এছআইটিয়ে জেৰা কৰে প্ৰয়াত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভ্রাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত সন্দীপনো ঘটনাস্থলীত উপস্থিত আছিল। একেদৰে উপস্থিত থকা বাদ্যযন্ত্রী শেখৰজ্যোতি আৰু সহ শিল্পী অমৃতপ্রভা ইতিমধ্যে জালত পৰিছে।সন্দীপন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি সূত্রত প্রকাশ।

অৱশ্যে গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ নিজকে ঘটনাৰ ৰাজসাক্ষীৰূপে প্রক্ষেপৰ আপ্রাণ চেষ্টা তেওঁ অব্যাহত ৰাখিছে। আজি নতুনকৈ আৰক্ষীয়ে সোধপোছ কৰে জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, সাংবাদিক স্বাৰস্বত গোস্বামী, জুবিন গাৰ্গৰ আন এগৰাকী সহ শিল্পী ছুইটী দাসক।

তদুপৰি ৰিতুল শৰ্মা নামৰ গুৱাহাটীৰ এজন ব্যৱসায়ীকো সোধপোছ কৰা হয়। প্রণয় বৰদলৈয়ে কয় যে তেওঁ ঘটনাৰ পাছতহে ছিংগাপুৰত উপস্থিত হৈছিল। অর্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতহে তেওঁ ছিংগাপুৰ পাইছিল। সেই খবৰ শুনি তেওঁ হাস্পতাললৈ গৈছিল। গতিকে তেতিয়াৰে পৰা তেওঁ যিবোৰ দেখিছিল বা শুনিছিল, সেই বিষয়ে তেওঁ অৱগত কৰে। বৰদলৈয়ে লগতে কয়, ‘মোক মোৰ বক্তব্য লিখিত আকাৰত দিবলৈ কোৱা হয়। সেইমতে লিখোতে কিছু পলম হয়। তাৰ পাছত মোৰ বক্তব্য ৰেকৰ্ড কৰিছে। এই একেখিনি কথা ন্যায়াধীশৰ আগতো ক’ব লাগিব। মই আৰক্ষী বিষয়া ৰ’জী কলিতাক লগ পাঁও। তেৱোঁ নিজকে জুবিনৰ অনুৰাগী বুলি কয়।’

গুৱাহাটীৰ এটা বৈদ্যুতিন মাধ্যমৰ দিল্লীস্থিত সাংবাদিক স্বাৰস্বত গোস্বামীও ছিংগাপুৰলৈ গৈছিল। সূত্রত প্রকাশ যে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি প্ৰচাৰৰ পাছতে ছিংগাপুৰলৈ যোৱা সাংবাদিকজনে তাত শ্যামকানু মহন্তৰ সাক্ষাৎকাৰ লৈছিল।

শনিবাৰে প্রায় ন ঘণ্টা জেৰাৰ অন্তত গোস্বামীয়ে কয় যে তেওঁ বাতৰি সংগ্ৰহৰ বাবেহে ছিংগাপুৰলৈ গৈছিল। ছিংগাপুৰলৈ যোৱাৰ বিমানৰ টিকট, ভিছা আদি আজি তেওঁ জমা দিয়ে। যদি পুনৰ তেওঁৰ ভাষ্য ল’ব বিচাৰে, তেন্তে পুনৰ আহিব বুলি গোস্বামীয়ে উল্লেখ কৰে। গায়িকা ছুইটী দাসে শেহতীয়াকৈ জুবিন গাৰ্গৰ ধৃত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন অভিযোগ উত্থাপন কৰিছিল।নিশা চিআইডিৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত তেওঁ সাংবাদিকৰ আগত কোনো বক্তব্য দিব নিবিচাৰে বুলি জনায়। আনহাতে, সন্দীপনে কয় যে তেওঁ পুনৰ আহিব লাগিব।

তদন্ত প্রক্রিয়াত তেওঁ সহযোগিতা কৰি যাব বুলিও দোহাৰে। ব্যৱসায়ী ৰিতুল শর্মাও শ্যামকানু মহন্তই আয়োজন কৰা নর্থ-ইষ্ট ফেস্টিভেললৈ যোৱাৰ অভিযোগ উঠিছে। এছআইটিয়ে আজি ৰক্তিম কটকী নামৰ আন এজন লোককো সোধপোছ কৰা বুলি সূত্ৰত প্রকাশ। উল্লেখ্য যে এছআইটিয়ে কি যুক্তিত জুবিন গাৰ্গৰ মৃত্যুক লৈ কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰে, তাৰ তথ্য শেহতীয়াকৈ আদালতত দাখিল কৰে। এই তথ্যতে শিল্পীগৰাকীক বিহপান কৰাই হত্যাৰ কথা উল্লেখ কৰে। শেখৰজ্যোতি গোস্বামীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১৭৫ ধাৰাৰ অধীনত ঘটনাৰ প্ৰত্যক্ষদর্শী হিচাপে দিয়া বক্তব্যত সেই তথ্য পোহৰলৈ অহা বুলিও তাত উল্লেখ কৰা হৈছে।

সেই অনুসৰি, জুবিনক পৰিকল্পিতভাৱে হত্যাৰ ষড়যন্ত্ৰ কৰি তাক দুর্ঘটনাৰ ৰূপ দিব বিচৰা হৈছিল। মেনেজাৰ সিদ্ধার্থ শৰ্মাই এই ষড়যন্ত্র কৰা বুলি উল্লেখ কৰা হৈছে। আৰক্ষীয়ে দাখিল কৰা তথ্যত উল্লেখ কৰা হৈছে যে শেখৰে সদৰী কৰা অনুসৰি, সিদ্ধার্থই তেওঁলোক উঠি যোৱা য়টখন নাবিকৰ পৰা বলপূর্বকভাৱে নিজৰ নিয়ন্ত্রণলৈ নিছিল আৰু সেইখন সাগৰৰ মাজলৈ চলাই নিছিল। সিদ্ধার্থই ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সদস্য এনআৰআই তন্ময় ফুকনক সুৰাৰ ব্যৱস্থা নকৰিবলৈ কৈছিল। তাৰ পৰিৱৰ্তে সিদ্ধার্থই নিজেই সেই ব্যৱস্থা কৰিব বুলি জনাইছিল।

ইপিনে, সাগৰত গা ধুই থকা অৱস্থাত জুবিনে উশাহ-নিশাহত কষ্ট পাইছিল আৰু ডুবিবলৈ ধৰিছিল। তেতিয়া সিদ্ধার্থই ‘যাব দে, যাব দে’ বুলি চিঞৰিছিল। জুবিন সাঁতোৰাত পাকৈত আছিল। গতিকে প্রত্যক্ষদর্শীৰ মতে, তেওঁৰ পানীত ডুবি মৃত্যু হ’ব নোৱাৰে। শেখৰে অভিযোগ কৰে যে সিদ্ধার্থ আৰু শ্যামকানুরে জুবিনক বিহপান কৰাইছিল আৰু তাৰ বাবে বিদেশৰ ভূমি বাছনি কৰিছিল। সিদ্ধার্থই য়টত যিবোৰ ভিডিঅ’ কৰা হৈছিল, সেইবোৰ কাকো নিদিবলৈয়ো কৈছিল বুলি আৰক্ষীক জনায়।

এছআইটিয়ে দাখিল কৰা তথ্যত এই বুলিও উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ নাক আৰু মুখেৰে ফেন ওলাইছিল। সেই কথা সিদ্ধার্থই অৱজ্ঞা কৰিছিল আৰু এয়া গেছৰ সমস্যা বুলি কাৰণ দর্শাই কাকো শংকিত নহ’বলৈ আশ্বাস দিছিল। জুবিনৰ তেনে অবস্থা দেখিও তৎকালে চিকিৎসাৰ কোনো ব্যৱস্থা সিদ্ধার্থই গ্ৰহণ কৰা নাছিল বুলি শেখৰে সদৰী কৰে। ইপিনে, তদন্ত চলি থকা মাজতে চিআইডি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বর্মনক তাৎক্ষণিকভাবে বদলি কৰা হয়। বৰ্মনৰ স্থানত নিযুক্তি দিয়া হয় উপেন কলিতাক।

Exit mobile version