CM Pressmeet:
সোমবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক ৷ বৈঠকৰ অন্তত এক সংবাদমেলৰ জৰিয়তে কেবিনেটে লোৱা সিদ্ধান্ত সমূহ সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয়,তামিলনাডুত নিহত অসমৰ ৯ শ্ৰমিকৰ প্ৰতিটো পৰিয়াললৈ এককালীন সাহায্য হিচাপে ৫ লাখ টকাকৈ এককালীন সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৷ ইতিমধ্যে প্ৰয়াত শ্ৰমিক কেইজনৰ কৰ্মস্থলী তামিলনাডু চৰকাৰে ৯ শ্ৰমিকৰ প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য প্রদান কৰিছিল ৷
আনহাতে বৰাক উপত্যকাৰ ৰাইজৰ বাবে কেবিনেটত লোৱা হয় এক বিশেষ পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় শিলচৰত এলিভেটেড ক’ৰিডৰ নিৰ্মাণত অনুমোদন জনাই কেবিনেটে ৷ ৩.৫ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰৰ নিৰ্মাণত ব্যয় কৰা হ’ব প্ৰায় ৫৬৪ কোটি টকা ৷ আনহাতে ১০০ কোটি টকা ব্যয় কৰা হ’ব ভূমি অধিগ্রহণত ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে মঙলবাৰে উদ্বোধন কৰা হ’ব অৰুণোদয়ৰ তৃতীয় সংস্কৰণ ৷ বিটিচি অঞ্চলক বাদ দি ৰাজ্যৰ ৩০ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ১২৫০ টকাকৈ ৷ বিটিচি অঞ্চলৰ হিতাধিকাৰীক পুঁজি দিওতে কিছু পলম হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
সংবাদমেলত মুখ্যমন্ত্ৰী আৰু কয় যে, কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউপিএছ” পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত লয় ৷ সেই অনুসৰি কৰ্মচাৰীয়ে নিজেইবাচনি কৰিব পাৰিব এনপিএছ বা ইউপিএছ ৷ আগন্তুক এবছৰৰ ভিতৰত কৰ্মচাৰীয়ে নিজ ইচ্ছানুসৰি ল’ব পাৰিব সিদ্ধান্ত ৷
আনহাতে মহিলা কৰ্মচাৰীৰ বাবে বিশেষ সুবিধাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,এতিয়াৰ পৰা নিজ গৃহলৈ যাব পাৰিব শিক্ষয়িত্ৰী সকলে ৷ যিসকলে ইতিমধ্যে পাঁচ বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকে এই সুবিধা লাভ কৰিব। অৱশ্যে ধুবুৰী আৰু দক্ষিণ শালমৰাত কৰ্মৰত হৈ থকা শিক্ষয়িত্ৰী সকলৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে ৷
আনহাতে কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে শ্ৰদ্ধাঞ্জলি আঁচনি। দিছপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ । এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ পাৰ্থিৱ শৰীৰ মৰ্যাদা সহকাৰে স্বগৃহলৈ অনাৰ পদক্ষেপ ৷ এই আঁচনিৰ ৰূপায়ণৰ ফলস্বৰূপে দুৰ্ভগীয়া পৰিয়াললৈ সাময়িক সকাহ হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে,শ্ৰদ্ধাঞ্জলি আঁচনিৰ তত্বাৱধানৰ দায়িত্ব দিয়া হয় অসম আৰক্ষীক I
ADVERTISEMENT




































