Ghagrapar:
নলবাৰী জিলাৰ ঘগ্রাপাৰৰ বিভিন্ন প্রান্তৰ লগতে নহাউলী হৰিমন্দিৰত আজিৰে পৰা দুদিনীয়াকৈ শ্রীশ্রীলক্ষ্মী পূজা ইতিমধ্যে আৰম্ভ কৰা হয়।
কাৰ্যসুচী অনুসৰি আজি পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্রমোদ দাসে। স্মৃতি তৰ্পন আৰু জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ সমাজকৰ্মী বিশ্বজোতি দাসে।অনুষ্ঠানত উপস্থিত থকা ৰাইজে একেলগে জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰি একেলগে গালে মায়াবিনী গীত..।
ইয়াৰ পিছতে বৃক্ষ ৰোপন কৰে সমাজকৰ্মী ৰিতু দাসে। পুৱা ১১ বজাত বিভিন্ন খেল ধেমালি। দুপৰীয়া আয়তীৰ নাম পৰিৱেশন, আবেলি ২ বজাত প্রতিমা শোভাযাত্রা। সন্ধিয়া ৫ঃ৩০ বজাত প্রতিমা স্থাপন আৰু বন্তি প্রজ্জ্বলন। নিশা নাগাৰা নাম পৰিৱেশন কৰিব বিশিষ্ট পাঠিকা বৰ্ণালী দাসে। দ্বিতীয় দিনা অৰ্থাৎ অন্তিম দিনা পুৱা বিভিন্ন কাৰ্য্সুচীৰ লগতে নিশা নাগাৰা নাম পৰিৱেশন কৰিব বিশিষ্ট পাঠিকা দ্বয় ক্রমে কুসুম দেৱী আৰু নমিতা কলিতাই।




































