North Bengal Flood Situation:
উত্তৰ-বংগৰ ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ পৰা ৰেহাই পোৱা নাই বন্যপ্রাণীও। ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীত প্রতি বছৰে প্লাবিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইবাৰ উত্তৰ-বংগতো এনে আশংকা গা কৰি উঠিছে।
শনিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰৱল বৃষ্টিপাত আৰু তাৰ লগে লগে ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে পাৰ্বত্য জিলা দাৰ্জিলঙকে ধৰি সমগ্ৰ উত্তৰ বংগ। গৰুমাৰাৰ অৰণ্যৰ সংলগ্ন জলঢাকা নৈত ভাহিছে মৃত গঁড়ৰ দেহ। এই অঞ্চলতে জলঢাকা নৈ পাৰ হ’বলৈ লোৱা এটা হাতীৰ দল নৈখনৰ মাজত আবদ্ধ হৈ পৰে।

ইপিনে, নক্সালবাৰীত মেচি নদীৰ প্ৰৱল সোঁতত হাতীৰ পোৱালি ডুব গৈছে। আজি বিয়লি এটা ৩০জনীয়া হাতীৰ দলে মেচি নদী পাৰ হোৱাৰ সময়তে হাতী পোৱালিটো দলৰ পৰা বিচ্ছিন্ন হয়। তীব্ৰ বৰষুণত হঠাতে নৈখনৰ পানী বৃদ্ধি পোৱাত এই পোৱালিটো ডুব যায়। দুৰ্যোগৰ ফলত উত্তৰ-বংগৰ প্ৰায় সকলোবোৰ নৈৰে জলস্তৰ বৃদ্ধি পাইছে। ফলত বানপানীৰ পৰিস্থিতি হৈছে ডুৱাৰ্ছসহ উত্তৰ-বংগৰ জিলাসমূহৰ বিভিন্ন অঞ্চলত। তৰাই-ডুৱাৰ্ছৰ বনাঞ্চলসমূহতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত দেখা গৈছে যে জল্দাপাৰা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ভাহি অহা এটি গঁড় তোৰ্ছাৰ প্ৰৱল সোঁতৰ পৰা বাচিবলৈ আপ্রাণ চেষ্টা কৰিছে। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তোৰ্ছা দলঙৰ পৰা সংগ্ৰহ কৰা এই ভিডিঅ’ক লৈ সামাজিক মাধ্যমত তীব্র হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে পশ্চিমবংগৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সকলো প্ৰকাৰৰ খাদ্য সামগ্ৰী আৰু বানত আবদ্ধ লোকসকলৰ উদ্ধাৰৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷
ADVERTISEMENT




































