নিজৰ কন্যাকেই লক্ষ্মী দেৱীৰ ৰূপত পূজা

কালি সমগ্র দেশে পালন কৰিলে লক্ষ্মীপূজা। ঘৰে ঘৰে এই পূজাৰ আয়োজন কৰি ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পশ্চিমবংগৰ নদিয়া অঞ্চলৰ এটা পৰিয়ালে। নদিয়াৰ কৃষ্ণগঞ্জৰ নাঘাটাৰ বাগচী পৰিয়ালেও ধুমধামেৰে লক্ষ্মীপূজাৰ আয়োজন কৰে।

অৱশ্যে এই পূজা আছিল আনতকৈ পৃথক। পৰিয়ালৰ শিশু কন্যা সন্তানকে লক্ষ্মীৰ ৰূপত পূজা কৰা হ’ল। স্বাভাৱিকতে বাগচী পৰিয়ালৰ গৃহৰ এই ব্যতিক্রমী পূজাই সকলোৰে দৃষ্টি আকর্ষণ কৰে। শিশু নির্যাতন আৰু ‘ধর্ষণ’ ৰোধ কৰিবলৈ সমাজক বার্তা দিয়াৰ বাবেই এই ব্যতিক্রমী পদক্ষেপ লোৱা বুলি পৰিয়ালৰ তৰফৰ পৰা জনাইছে।

দেশৰ বিভিন্ন স্থানত ধর্ষণ, শিশু নির্যাতন, নাৰী নিৰ্যাতনৰ দৰে ঘটনা অব্যাহত আছে। সেইবোৰ দেখিয়ে পৰিয়ালটো আতংকিত হৈ পৰিছিল। শিশু নির্যাতন আৰু ‘ধর্ষণ’ ৰোধ কৰাৰ বাবেই এইবাৰ এই পদক্ষেপ গ্রহণ কৰিলে নদিয়াৰ সেই পৰিয়ালে। নদিয়া জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবর্তী কৃষ্ণগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ নাঘাটা অঞ্চলৰ ভাজনঘাট হাইস্কুলৰ শিক্ষক অর্জুন বাগচী।তেওঁৰ ছবছৰীয়া শিশু কন্যা পৰিয়ালটোৰ অত্যন্ত মৰমৰ।

অৱশ্যে বৰ্তমানৰ পৰিস্থিতিত বাগচী মাজেমধ্যেই উদ্বিগ্ন হৈ পৰে। শিশু নির্যাতন আৰু নাৰী ধৰ্ষণৰ দৰে অসামাজিক ঘটনা যাতে আৰু নঘটে, সেইবাবেই মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনালে শিক্ষক দম্পতীয়ে।

সোমবাৰে কণমানি কন্যা শিশুটিক লক্ষ্মীদেৱীৰ ৰূপত সজোৱা হয়। তাৰ পাছত ছবছৰীয়া কন্যাক এখন আসনত বহুৱায়। নির্দিষ্ট সময়ত পুৰোহিতে আহি তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু কণমানি আৰিত্ৰিকাক পূজা কৰা হয়। শিশুটিৰ মাতৃ ঝুমা বাগচীয়ে কয়, ‘কন্যা সন্তানক প্ৰত্যেক পৰিয়ালতে লক্ষ্মীৰূপে গণ্য কৰা হয়। তদুপৰি নাৰী মাতৃশক্তিৰ আধাৰৰূপে মনা হয়। প্ৰধানকৈ সেই কাৰণেই মা লক্ষ্মীৰ মৃণ্ময় মূৰ্তিৰ পৰিৱৰ্তে ঘৰৰ ছোৱালীজনীকে লক্ষ্মীৰূপে আৰাধনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’

আনহাতে, শিশুটিৰ শিক্ষক পিতৃয়ে কয়, ‘নিজৰ কন্যাক ভগৱানৰূপে আৰাধনা কৰাৰ মাধ্যমেৰে সমাজৰ পৰা শিশু নির্যাতন আৰু নাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা চিৰকাললৈ বন্ধ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

ছোৱালীজনীৰ জন্মৰ পাছৰে পৰা আমাৰ পৰিয়ালৰ অনেক উন্নতি হৈছে।’ বাগচীয়ে লগতে কয় যে এতিয়াও ৰাজ্যখনৰ অনেক গ্রাম্য অঞ্চলত বাস্তৱ জীৱনত ছোৱালীসকলক পাছৰ শাৰীত পেলাই ৰখাৰ প্ৰৱণতা লক্ষ্য কৰা যায় কিছু মানুহৰ মাজত। কন্যা সন্তানৰ প্ৰতি থকা এই ভ্রান্ত ধাৰণা আৰু অসামাজিক মনোভাবক মছি পেলাবলৈকে নিজৰ কণমানি কন্যা সন্তানক মাতৃৰূপে আৰাধনা কৰাৰ সিদ্ধান্ত লোৱা হয়। তেওঁ লগতে কয় যে নাৰীসকলৰ প্ৰতি সামাজিক সচেতনতা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।

উল্লেখ্য যে শিক্ষক দম্পতীৰ গৃহত কণমানি লক্ষ্মীৰ পূজা চাবলৈ প্রতিবেশীসকলে আহি ভিৰ কৰে। সকলোৱে এই কাৰ্যৰ প্ৰশংসা কৰিছে।

Exit mobile version