Gaurav Gogoi Visit Barpeta Satra:
বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হয় বৰপেটা সত্ৰত ৷ তেওঁ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড: বাবুল চন্দ্র দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠক বাপ দুজনাক সাক্ষাৎ কৰি সেৱা জনায়।
গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিচৰ পৰাই অসমৰ সত্ৰ সমুহৰ অৱস্থাৰ বুজ লোৱাৰ চেষ্টা চলাই আছে। অসমৰ সম্পদ সত্ৰ সমুহ আজিৰ তাৰিখত যথেষ্ট জটিলতাৰ মাজত কাম কৰি আছে। চৰকাৰে নিজৰ অৰ্থনৈতিক অৱস্থা বৰ ভাল বুলি কৈ আছে যদিও অসমৰ সত্ৰ সমুহৰ আৰ্থিক জটিলতা কিয় বুলি প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে।
তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে সত্ৰৰ ভকত সকলৰ আৰ্থিক অৱস্থা লৈ চিন্তা কৰিছিল। আনকি বৰপেটা সত্ৰৰ উদাসীন ভকত সকলে ইয়াৰ জৰিয়তে সুফল লাভ কৰি আছে। বৰপেটা সত্ৰৰ অৱস্থাই যদি জটিল তেন্তে অসমৰ সৰু সৰু সত্ৰ সমুহৰ কি অৱস্থা হব পাৰে সেয়া অসমৰ ৰাইজে চিন্তা কৰক। অসমৰ সংস্কৃতিৰ মুল সম্পদ সত্ৰ সমুহ আমি জীয়াই ৰাখিব লাগিব। কংগ্ৰেছ চৰকাৰ আহিলে সত্ৰ সমুহৰ লগতে সত্ৰাধিকাৰ সকলৰো বিশেষ গুৰুত্ব প্ৰদান কৰা হব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে বৃন্দাৱনী বস্ত্ৰক লৈ কয়, লণ্ডনৰ মিউজিয়ামৰ পৰা অসমলৈ বস্ত্ৰভাগ আনিলে বৰপেটাতো ইয়াক প্ৰদৰ্শনৰ ব্যৱস্থা লবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ একেদৰে বৰপেটাক ৰেলেৰে সংযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ।
আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,তেওঁ কৈ থাকিব। ৰাজনীতিত এইবোৰ চলি থাকিব।ৰাইজে কি কৈছে সেইটো বেছি গুৰুত্বপূৰ্ণ। আমি ৰাইজৰ কথা শুনিবলৈ আহিছো। উল্লেখ্য যে মঙলবাৰে গৌৰৱ গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল কেতবোৰ তিৰ্যক মন্তব্য ৷ADVERTISEMENT




































