Fire In Bus:
সদাব্যস্ত ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ ৷ অৱশ্যে কথমপি ৰক্ষা পৰে বাছখনৰ ৬০ যাত্ৰী ৷এই ঘটনা আজি সংঘটিত হয় কামৰূপ জিলাৰ বাইহাটাৰ মদনপুৰ টোলগেটত ৷
উল্লেখ্য যে মঙলদৈৰ পৰা জুবিনৰ সমাধিস্থলীলৈ বুলি আহি আছিল ৬০ গৰাকী যাত্ৰী কঢ়িয়াই অনা বাছখন I কিন্ত মদনপুৰ টোলগেট পোৱাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি হঠাতে বাছখন জ্বলি উঠে ৷ জুই আৰু ধোৱাই আৱৰি ধৰা বাছখনৰ পৰা যাত্ৰী সকলৰ কোনোৱাই যদি খিৰিকীৰে কোনোৱাই দুৱাৰেৰে জপিয়াই প্ৰাণ ৰক্ষা কৰে ৷
ঘটনা সংঘটিতৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাছখন জুইত জাঁহ যায় ৷ জুইত ভস্মীভূত হয় যাত্ৰী সকলৰ সা- সামগ্ৰী ৷
ADVERTISEMENT




































