Rajen Gohain:
আজিৰ পৰা দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক চলি থকাৰ মাজতে বিজেপিৰ বাবে বেয়া খবৰ ৷
নগাঁও সংসদীয় সমষ্টিৰ চাৰিবাৰৰ সাংসদ তথা প্ৰাক্তন ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে আজি বিজেপিৰ পৰা পদত্যাগ কৰে ৷ দীর্ঘদিনৰ অসন্তুষ্টিৰ অন্তত ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইয়ে বিজেপি ত্যাগ কৰে বুলি জানিব পৰা গৈছিল। গোঁহাইয়ে বাজপেয়ী ভৱনলৈ নিজেই আহি পদত্যাগ পত্র প্ৰদান কৰে ।উল্লেখ্য যে, সদ্য পদত্যাগি ৰাজেন গোঁহাইয়ে অচিৰেই লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে এই সন্দৰ্ভত গগৈৰ স’তে কে’বাবাৰো আলোচনাত বহিছিল ৰাজেন গোঁহাই ৷
ADVERTISEMENT




































