Venezuela’s maria corina machado has been awarded the nobel peace prize:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ শান্তিৰ নোবেল বঁটা ৷ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোকলৈ আগবঢ়োৱা হয় সন্মানিয় শান্তিৰ নোবেল বঁটা ৷ নৰৱেৰ নোবেল কমিটীয়ে বঁটা ঘোষণা কৰি মাৰিয়া ক’ৰিনা মাচাদো সন্দৰ্ভত কয়, ‘তেওঁ ভেনিজুৱেলাৰ জনসাধাৰণৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত কামৰ বাবে আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে” অহৰহ ব্ৰতী আছিল ৷
উল্লেখ্য যে, মাচাদো স্বৈৰাচাৰীতাৰ বিৰুদ্ধে দশকজুৰি চলি থকা সংগ্ৰাম আৰু গণতান্ত্ৰিক নীতি আৰু ভেনিজুৱেলাত ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তনৰ প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে পৰিচিত। আনকি মাচাদোৱে নিজৰ জীৱনৰ প্ৰতি ভাবুকিৰ বাবে ভেনিজুৱেলাত আত্মগোপন কৰি আছে।মনকৰিবলগীয়া যে শান্তি’ৰ নোবেল বঁটাৰ বাবে অন্যতম দাবীদাৰ আছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ ট্ৰাম্পে সাম্প্ৰতিক সময়ৰ কে’বা খনো দেশৰ যুদ্ধ অন্ত পেলোৱাত তেওঁৰ অগ্ৰণী ভূমিকা আছিল বুলি দাবী কৰি তেওঁকে শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰিব লাগে বুলি সময়ে সময়ে মন্তব্য প্ৰকাশ কৰিছিল ৷ তেওঁক শান্তিৰ নোবেল বঁটা দিব লাগে বুলি দাবী কৰিছিল পাকিস্তানে ৷
কিন্ত নোবেল বঁটা বাছনি কমিটিৰ বিশেষজ্ঞসকলে তেওঁৰ সম্ভাৱনা ক্ষীণ বুলি ইংগিত দিছিল। আন আন সম্ভাৱ্য প্ৰাৰ্থীৰ ভিতৰত আছিল চুডানৰ জৰুৰীকালীন সঁহাৰি কক্ষ আৰু সাংবাদিক সুৰক্ষা সমিতি।
উল্লেখ্য যে ২০২৪ চনৰ শান্তিৰ নোবেল বঁটা হিৰোচিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পোৱা লোকসকলক প্ৰতিনিধিত্ব কৰা জাপানী সংস্থা নিহন হিডাংকিয়োক প্ৰদান কৰা হৈছিল।
ADVERTISEMENT



































