Zubeen Garg:
২২ দিন অতিক্ৰম কৰালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাই ৷ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰিয় শিল্পী গৰাকীয়ে যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ সাগৰৰ বক্ষত হোৱা আকস্মিক বিয়োগ তথা শিল্পী গৰাকীৰ মৃত্যুৰ দুখ তথা ক্ষোভ তিলমাত্ৰও দূৰ হোৱা নাই লক্ষ লক্ষ জুবিন অনুৰাগীৰ ৷

ইতিমধ্যে জুবিনৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা,শেখৰজ্যোতি গোস্বামী,অমৃত প্ৰভাত মহন্ত, জুবিনৰ সম্বন্ধীয় ভাতৃ আৰু দুই দেহৰক্ষীক এছআইটিয়ে আটক কৰি জেৰা অব্যাহত ৰখাৰ মাজতে ইজন পিছত সিজনকৈ শিল্পী সহ অন্য সকলৰ ভাষ্য গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত ৰহস্য ৷
এছআইটিৰ তৎপৰতাৰ মাজতে অৱশেষত দিল্লীৰ পৰা গুৱাহাটী আহি পালে জুবিন গাৰ্গৰ ভিছেৰা ৰিপ’ৰ্ট ৷ অসম আৰক্ষীৰ হাতত থকা ভিছেৰা ৰিপ’ৰ্ট মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিব ৷ এই ৰিপৰ্টত ওলাই পৰিব জুবিনৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তথ্য ৷
ADVERTISEMENT




































