Supreme Court :✒️অৱসৰলৈ পাঁচ বছৰ থকা সকলৰ বাদে দেশত কৰ্মৰত প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ সকলো শিক্ষকে আগন্তুক দুবছৰৰ ভিতৰত ‘শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা’ (টে’ট) উত্তীর্ণ হ’বই লাগিব বুলি উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া এক নির্দেশক লৈ তুমুল প্রতিক্রিয়াৰো সৃষ্টি হৈছে।
বিগত ১২ বছৰ ধৰি শিক্ষক নিযুক্তি প্রক্রিয়াত টেট বাধ্যতামূলক হৈছে। গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যিসকলে টেট উত্তীর্ণ হৈ নিযুক্তি লাভ কৰিছে, যিসকলৰ অৱসৰলৈ মাত্র পাঁচ বছৰ আছে, সেইসকলক বাদ দি অন্যান্যসকলৰ ক্ষেত্ৰত এই নির্দেশটো প্রযোজ্য হ’ব।
ন্যায়াধীশদ্বয় দীপাংকৰ দত্ত আৰু অগাস্টিন জর্জ মাছিহৰ খণ্ড বিচাৰপীঠে দিয়া ৰায়টোত এই বুলিও উল্লেখ কৰা হৈছে যে পদোন্নতিৰ ক্ষেত্ৰতো টেট উত্তীর্ণ হোৱাটো বাধ্যতামূলক হ’ব। যদিহে আগন্তুক দুবছৰৰ ভিতৰত টেট উত্তীর্ণ নোহোৱাসকলে শিক্ষকৰ চাকৰি স্বেচ্ছাই ত্যাগ কৰিব লাগিব অথবা তেওঁলোকক প্রাপ্য সকলো সা-সুবিধাসহ বাধ্যতামূলক অৱসৰ দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই নির্দেশৰ প্ৰত্যাহ্বান জনাই উত্তৰ প্ৰদেশ চৰকাৰে পুনৰীক্ষণ আবেদন দাখিল কৰিছে।
পশ্চিমবংগকে ধৰি আন একাধিক ৰাজ্য চৰকাৰে একেই পদক্ষেপ গ্রহণৰ বাবে সাজু হৈছে। তদুপৰি বিভিন্ন ৰাজ্যৰ শিক্ষক সংগঠনো ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। অল ইণ্ডিয়া প্রাইমাৰী টিচাৰ ফেডাৰেছনেও পুনৰীক্ষণ আবেদন দাখিল কৰিছে। এই আবেদনত অসমৰ প্ৰাথমিক শিক্ষকৰ সংগঠনেও স্বাক্ষৰ কৰিছে।
অৱশ্যে অসম চৰকাৰৰ পৰা এই পর্যন্ত কোনো পদক্ষেপ গ্রহণ কৰা হোৱা নাই।সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়টোক পুনৰ বিবেচনাৰ কৰাৰ বাবে অল ইণ্ডিয়া প্রাইমাৰী টিচাৰ ফেডাৰেছনৰ আবেদনত স্বাক্ষৰ কৰা সদৌ অসম প্রাথমিক শিক্ষক সম্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে যদিহে এই ৰায় কার্যকৰী হয়, তেন্তে আজি জাৰি কৰা নির্দেশ এটাৰ কাইলৈ কোনো মূল্যই নাথাকিব।
গোস্বামীয়ে কয়, ‘টে’ট ব্যৱস্থা কেইবছৰমান আগৰ পৰাহে কাৰ্যকৰী হৈছে। বর্তমান শিক্ষকৰ চাকৰিৰ বাবে টে’ট বাধ্যতামূলক। টে’ট ব্যৱস্থা যি সময়ত নাছিল, সেই সময়তো চৰকাৰৰ নিয়ম অনুসৰিয়ে নিযুক্তি হৈছিল। আজি টে’ট বলবৎ হোৱাৰ ফলত পূৰ্বৰ নিয়মবোৰ মূল্যহীন হ’ব নোৱাৰে। আমি এই যুক্তিৰেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো।’
তেওঁ আৰু কয় যে ১৫-২৫ বছৰ ধৰি যিসকল শিক্ষকে শিক্ষাদান কৰি আহিছে, তেওঁলোকেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে টে’টত বহিব লাগিব আৰু উত্তীর্ণও হ’ব লাগিব। ‘এয়া কি ধৰণৰ নিয়ম? গতিকে আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে নিজৰ নিৰ্দেশটো পুনৰ বিবেচনা কৰিব।’ গোস্বামীয়ে এইদৰে কয়।
প্রসংগক্রমে উল্লেখ্য যে যদিহে উচ্চতম ন্যায়ালয়ে নির্দেশটো বাহাল ৰাখে তেনেহ’লে পশ্চিমবংগৰ লক্ষাধিক শিক্ষক-শিক্ষয়িত্রীয়ে টে’টত বহিব লাগিব। অসমতো এই সংখ্যা যথেষ্ট বৃহৎ।






























