Dibrugarh:জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত দুই লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজৰ উত্তাল প্ৰতিবাদ
সন্মুখত বিধানসভা নিৰ্বাচন ৷ বিগত নিৰ্বাচনসমূহৰ দৰেই এই নিৰ্বাচনৰ প্ৰাক্ ক্ষণতো পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতি প্ৰসংগ ৷ একমাত্ৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱতে দীৰ্ঘসময় ধৰি ওলমি ৰোৱা বিষয়টো সমাধানৰ দাবীৰে শেহতীয়াকৈ ছয় জনগোষ্ঠীয় ৰাইজে ধাৰাবাহিক আন্দোলন গঢ়ি তুলি চৰকাৰক হেঁচা প্ৰয়োগৰ চেষ্টা অব্যাহত ৰাখিছে ৷
জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হোহোকাই পিছলাই থকাৰ অভিযোগ কৰি চাহ জনগোষ্ঠীয়ে ৰাইজে তিনিচুকীয়া চহৰত যোৱা সপ্তাহত বৃহৎ সমদলেৰে উত্তাল কৰাৰ পিছত সোমবাৰে দুই লক্ষাধিক ৰাইজে কপালে ডিব্ৰুগড় মহানগৰ ৷আটছা, অসম চাহ মজদুৰ সংঘ,আছা,চাহ জনগোষ্ঠীয় মহাসভাকে ধৰি কে’বাটাও চাহ জনগোষ্ঠীয় সংগঠন সমূহৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙী চাৰিআলিত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ জনগোষ্ঠীয় ৰাইজে সমবেত হৈ জনজাতিকৰণ ,ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত হাতত প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ,হায় হায়,বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে।
অগনন ৰাইজৰ উপস্থিতিত সংগঠন কেইটাই নেতৃবৰ্গই দিল্লী- দিছপুৰক সকীয়াই দি কয়,দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীয় ৰাইজৰ তিনি দাবী ক্ৰমে জনজাতিকৰণ ,ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী কৰি আহিছে যদিও বাৰেপতি বিভিন্ন অজুহাত দেখুৱাই হোহোকাই পিছলাই থকা পৰিলক্ষিত হৈছে ৷ আনকি বিজেপিয়ে নিৰ্বাচন পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠনৰ পিছতেই দাবী কেইটা সমাধান কৰা হ’ব ৷ কিন্ত বিগত নবছৰ ছমাহত দাবীৰ প্ৰতি কোনো গুৰুত্বআৰোপ নকৰিলে দিছপুৰে ৷ সেয়েহে অচিৰেই যদি প্ৰাপ্য দাবীৰ প্ৰতি হিমন্তবিশ্ব শৰ্মা চৰকাৰে আশানুৰূপ সহাৰী নজনালে ২০২৬ ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় ৰাইজে সমুচিত উত্তৰ দিব , উফৰাই দিয়া হ’ব বিজেপিক ৷
আনহাতে প্ৰতিবাদস্থলীত উপস্থিত থকা প্ৰাক্তন বিধায়ক তথা চাহ মজদুৰ সংঘৰ নেতা ৰাজু চাহুৱে কয়, চাহ জনগোষ্ঠীয় ৰাইজৰ ভোটেৰে দিছপুৰৰ শাসনৰ সোৱাদ পোৱা বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হৈ চাহ জনগোষ্ঠীয় ৰাইজৰ পিনে পিঠি দি দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ ফল এইবাৰ ভূগিব ৷ সমূচিত প্ৰত্যুত্তৰ দিব চাহ জনগোষ্ঠীয় ৰাইজে ৷ADVERTISEMENT




































