Guwahati :
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু গোচৰত ১৪ দিনৰ বাবে চিআইডিৰ আলহী হোৱা ফেষ্টিভেল মহন্ত ৰূপে পৰিচিত শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এছআইটি জিন্মা শেষ হ’লেও আদালতৰ জৰিয়তে জেল হাজোতলৈ নিক্ষেপ কৰাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে ।
শ্যামকানু – সিদ্ধাৰ্থ সহ আন সকল অভিযুক্তক গুৱাহাটীস্থ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰক্ষেপ কৰাটো নিশ্চিত হোৱাৰ পিছত তৎপৰতা বৃদ্ধি পাইছে কাৰাগাৰ কৰ্তৃপক্ষৰ ৷ সুকীয়া শৌচগাৰ থকা চেলৰ ব্যৱস্থা কৰি চিচিটিভি সংযোজন কৰিছে ৷
কিন্ত শেহতীয়াকৈ লাভ কৰা এক খবৰ অনুসৰি সুৰক্ষাজনিত কাৰণত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্তক অসমৰ জে’লত নাৰাখিব পাৰে বুলি এক চৰ্চা চলিছে ৷ ডিব্ৰুগড় জেলত পঞ্জাবৰ খালিস্থানী উগ্ৰপন্থীত ৰখাৰ লেখিয়াকৈ বহিঃৰাজ্যৰ জে’লত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্তক ৰখাৰ বাবে ইতিমধ্যে বহিঃৰাজ্যৰ জে’ল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে অসম চৰকাৰে ৷আনহাতে আন এক খবৰ অনুসৰি জুবিন গাৰ্গৰ গোচৰৰ অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত সহ আন অভিযুক্তক প্ৰেৰণ কৰা হ’ব পাৰে দিল্লীৰ তিহাৰ জেললৈ ৷
ADVERTISEMENT




































