Nagaon:
নগাঁও প্ৰিন্ট মিডিয়া এচচিয়েছনৰ উদ্যোগত নগাঁও প্ৰেছক্লাৱত আজি ৰূপহীহাটৰ ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱাক প্ৰয়াত জ্যেষ্ঠ সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয়৷ উক্ত অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটিত“ প্ৰযুক্তিৰ উত্তৰণত ছপা মাধ্যমৰ সম্ভাৱনা আৰু সংশয়’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই ৷

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে নগাঁও জিলাৰ ভালেসংখ্যক গুণী-জ্ঞানীলোকৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়৷উক্ত অনুষ্ঠানতে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণৱ বৰা আৰু বলেন বৰাৰ লগতে অসমবাসী তথা বিশ্বৰ বহুলোকৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷ADVERTISEMENT




































