Zubeen Garg :
ছিংগাপুৰৰ সাগৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৱে আজি অতিক্ৰম কৰিলে ২৫ টা দিন ৷ হাৰ্টথ্ৰৱ গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা চিআইডিৰ এছ আইটিৰ হাতত শেহতীয়াকৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ।
ঘটনাৰ স’তে সাঙোৰ খোৱাৰ অভিযোগত বৰ্তমান চিআইডিৰ লকআপৰ আলহী হোৱা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সহ: শিল্পী অমৃত প্ৰভা মহন্তৰ ম’বাইলত বন্দী হোৱা জুবিন গাৰ্গ য়টত থকা মুহূৰ্তৰ বহু টুকুৰা ভিডিঅ’ SIT -এ লাভ কৰিছিল যদিও শেষ মুহূৰ্তৰ ভিডিঅ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্ত শেহতীয়াকৈ এছআইটিৰ IT শাখাই ডিলিট কৰি দিয়া জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ’ উদ্ধাৰ কৰে।
অমৃত প্ৰভা আন এজনৰ ম’বাইলত বন্দী হোৱা ভিডিঅ’ ডিলিট কৰোৱাইছিল সিদ্ধাৰ্থ শৰ্মাই ৷ জুবিন গাৰ্গৰ মৃত্যুৰ শেষ মুহূৰ্তৰ ভিডিঅ’ লাভ কৰাৰ পিছত গোচৰত সহায়ক হ’ব পৰাগৈ এছ আইটিৰ তদন্তই এক গতি লাভ কৰিব বুলি আশা কৰিছে তদন্তকাৰী সন্থাটোৱে ৷




































