দ্রুত বিলুপ্তিৰ পথত বিশ্বৰ ৪৮ হেজাৰ প্ৰাণী

IMG 20251014 163115

মানুহ হওক বা আন প্রাণী বা উদ্ভিদ,সকলোবে বাসস্থান এই পৃরিরী। অৱশ্যে উন্নততৰ প্ৰাণীৰূপে মানুহেই বিশ্বৰ সিংহভাগ দখল কৰিব ৰাখিছে। লগতে মানুহৰ ক্রমবর্ধমান লোভৰ চিকাৰ হৈ আহিছে অন্যান্য প্রাণী। সম্প্রতি প্রকৃতি সংৰক্ষণ সংস্থাৰ সৰ্বোচ্চ শাখাৰ এক প্রতিবেদনত এনে উদ্বেগৰ বিষয় দেখা গৈছে।

সেই প্রতিবেদনত উল্লেখ কৰা হৈছে যে মহাবিশ্বৰ ৪৮ হেজাৰৰো অধিক প্রাণী দ্রুত বিলুপ্তিৰ পথৰে গৈ আছে। লগতে প্রায় দুই লাখ প্রাণী বঙা তলিকাভুক্ত হৈছে। তাৰ কাৰণৰূপে উঠি আহিছে মানুহৰ বাসস্থান, কৃষিভূমি বৃদ্ধিৰ দৰে কাৰণ। আচলতে পৃথিৱীৰ এক ভাস স্থলতো হয়েই, তিনিভাগ পানীতো দখল দিছে মানবজাতিয়ে। সেইবাবেই আন প্রাণীবোৰ আজি বিপন্ন হৈ পৰিছে।

সম্প্রতি আবু ধাবিত ‘ইউনিয়ন ফৰ কনজাৰভেচন অব নেচাৰ’ৰ সম্মিলন আছিল। তাত বিলুপ্তপ্রায়, বিপন্ন প্রাণীবোৰৰ সম্পর্কে এক প্রতিবেদন প্রকাশলৈ আহিছে। তাত দেখা গৈছে যে হার্প ছীল, মেক ভালুক, ছি টার্টলৰ দৰে মেৰু অঞ্চলৰ বহু বাসিন্দা আৰু অসংখ্য পক্ষী দ্রুতগতিৰে বিলুপ্তিৰ দিশলৈ গৈ আছে। ইয়াৰ অন্যতম কাৰণ নিশ্চিতভাবে গোলকীয় উষ্ণতা।

যাৰ প্রকোপত দুই মেৰুত জমা হৈ থকা বৰফবোৰ ক্ৰমান্বয়ে গলি আছে। হিমবাহৰ গলনৰ ফলত বৃদ্ধি পাইছে সাগৰৰ জলস্তৰ। কেরল সেয়াই নহয়, সমুদ্রৰ তলভাগতো উষ্ণতা বৃদ্ধিৰ প্ৰকোপত অৱস্থা বেয়ালৈ গৈছে। এইদৰেই সেইবোৰ স্থানৰ আদি বাসিন্দাবোৰৰ বাসস্থান ক্ৰমাৎ শেষ হ’বলৈ ধৰিছে।

কিছু বছৰৰ পূৰ্বেও যিবোৰ প্ৰাণী বিপন্নৰ তালিকাত আছিল, সেইবোৰেই দ্রুতগতিৰে বিলুপ্তপ্রায় তালিকাত অন্তর্ভুক্ত হৈছে। সংস্থাৰ সঞ্চালক প্রধান গ্রেথেল এগুইলাৰে উক্ত প্রতিবেদন প্রসংগত কয়, ‘বিশ্বব্যাপী এই পৰিৱৰ্তনৰ অন্তৰালত মানুহৰ বিভিন্ন কাৰ্যকলাপৰ প্ৰভাৱেই বেছি। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ আৰু বতৰৰ খামখেয়ালিৰ এক ধ্বংসাত্মক প্রভাৱ দেখা গৈছে।’

প্রতিবেদন অনুসৰি, দ্রুত বিলুপ্তপ্রায় প্ৰাণীৰ সংখ্যা এই সময়ত ৪৮ হেজাৰ ৬৪৬। আনহাতে, ৰঙা তালিকাভুক্ত অর্থাৎ বিপন্ন প্ৰাণীৰ সংখ্যা এক লাখ ৭২ হেজাৰ ৬২০। আকস্মিকভাৱে এনে দিন হয়তো আহি পৰিব, যেতিয়া মেৰু ভালুক, হার্প ছীল আদিৰ অস্তিত্ব কেৱল ফটোতে থাকিব।

পক্ষীকূলৰো একেই অৱস্থা। পাখি মেলি আকাশত উৰাৰ স্থান আৰু বাসস্থান ক্রমাৎ হ্রাস পাইছে। ‘কনজাৰভেচন অৱ নেচাৰ’ৰ প্ৰতিবেদনে জনাইছে যে অন্ততঃ ৬১ শতাংশ পক্ষীৰ জন্মহাৰ হ্রাস পাইছে। বিশ্বৰ ১১ হেজাৰ ১৮৫টা প্ৰজাতিৰ চৰাই এতিয়া বিপদৰ মুখত। ইবোৰৰ অধিকাংশই আফ্রিকা, মধ্য আমেৰিকাৰ বাসিন্দা।

Exit mobile version