প্ৰযুক্তিৰ লগত ফেৰ মাৰি অৰ্থনৈতিক বিকাশ অব্যাহত ৰখাৰ উদ্ভাৱনী পথৰ সন্ধান

তিনি দেশৰ প্ৰসিদ্ধ অর্থনীতিবিদলৈ ন'বেল

6f536d66 a04f 4e99 808c 9b6f63cc2b8c 16 9 aspect ratio default 0

নিত্য নতুন প্রযুক্তিয়ে সমৃদ্ধ কৰিছে বিশ্বক। বিশেষকৈ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ প্ৰযুক্তিৰ এতিয়া বহুল প্রয়োগ হৈছে। এআইয়ে আগন্তুক দিনৰ পৰিৱেশ যথেষ্ট উদ্বেগজনক কৰি তুলিব বুলিও শংকাৰ সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে নতুন এনে প্রযুক্তিয়ে অর্থনৈতিক উন্নয়নত কি ভূমিকা গ্রহণ কৰিছে তাৰেই ফলপ্রসূ ব্যাখ্যা দি চলিত বৰ্ষত অর্থনীতিৰ ন’বেল বঁটা লাভ কৰিলে বিশ্বৰ তিনিগৰাকী প্রসিদ্ধ অর্থনীতিবিদে।

সোমবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে কৰা ঘোষণা অনুসৰি তেওঁলোক হ’ল নেডাৰলেণ্ডৰ আমেৰিকা- ইজৰাইলৰ অৰ্থনৈতিক বুৰঞ্জীবিদ জোবেল মেকিৰ, ফ্ৰান্সৰ ফিলিপে আঘিঅন আৰু কানাডাৰ পিটাৰ হাওইট। মেকিৰ নৰ্থ বেষ্টার্ণ ইউনিভাৰচিটিত অধ্যাপক হোৱাৰ বিপৰীতে আঘিঅন কলেজ অৱ ফ্রান্স আৰু হাওইট ব্রাউন ইউনিভাৰচিটিৰ অধ্যাপক ।

বঁটা ঘোষণা কৰি একাডেমীয়ে মন্তব্য কৰে যে বিষয়বস্তুক লৈ তিনিওগৰাকী অর্থনীতিবিদে যি ব্যাখ্যা আগবঢ়াই তাৰ দ্বাৰা তেওঁলোকে এইক্ষেত্রত পথ প্রদর্শক হৈ ৰ’ব। কৃত্রিম বুদ্ধিমত্তাৰ দ্রুত বিকাশৰ লগত প্রতিযোগিতাত অবতীর্ণ হৈ অর্থনীতিৰ বিকাশ কিদৰে সাধন কৰিব পাৰি তাৰ ব্যাখ্যা আগবঢ়াই মেকিৰে।

আনহাতে, আঘিঅনে তেওঁৰ তত্ত্বত নতুন প্রযুক্তিয়ে সৃজনীশীলতা ধ্বংসৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁ গাণিতিক তত্ত্বৰে এই কথা প্রমাণ কৰি দেখুৱাইছে যে বজাৰত নতুন তথা উন্নত সামগ্ৰীৰ প্ৰৱেশে পুৰণিৰ ব্যাপক ক্ষতিসাধন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন প্রযুক্তিক প্রত্যাহান জনাবলৈ নতুন চিন্তাৰ সংযোজন হ’বই লাগিব।

ন’বেল সমিতিৰ অধ্যক্ষ জন হাছিয়াৰে মন্তব্য কৰে যে তিনিওগৰাকী অর্থনীতিবিদে পথ দেখুৱাইছে যে নতুন প্রযুক্তিৰ লগত ফেৰ মাৰিবলৈ নতুন চিন্তাৰ প্রৱেশ ঘটিবই লাগিব।

Exit mobile version