সুদীর্ঘ কালৰ পাছত জন্মগাঁও ভ্রমণ কৰিবলৈ সাজু হৈছে এনএছচিএন (আই-এম)ৰ মুৰব্বী থুইংগালেং মুইভা। নগাৰ বাবে এক স্বাধীন ভূখণ্ড গঠনৰ উদ্দেশ্যে ১৯৭০ত মুইভাই জন্ম গাঁও সমডাল ত্যাগ কৰি ওলাই যায়। তেতিয়াৰে পৰা প্ৰথমবাৰৰ বাবে মুইভাই জন্মগাঁও দর্শন কৰিবলৈ প্রস্তুতি চলাইছে।
উল্লেখ্য যে মুইভাই জন্ম লাভ কৰা সমডাল গাঁও হৈছে মণিপুৰৰ উখৰল জিলাৰ অন্তৰ্গত। সকলো ঠিকে-ঠাকে থাকিলে তেওঁ অহা ২২ অক্টোবৰত সমডাল গাঁৱত উপস্থিত হোৱাৰ কথা। ১৫ বছৰ পূর্বে মুইভাই জন্মগাঁও ভ্রমণৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ এই পৰিকল্পনা ব্যর্থ কৰে মণিপুৰ চৰকাৰে। তাৰ পাছত তেওঁ এইবাৰ পুনৰ জন্মগাঁও ভ্রমণৰ পৰিকল্পনা প্রস্তুত কৰিছে।
সম্প্রতি ৯০ বছৰীয়া এনএছচিএন নেতাজনক আদৰিবলৈ প্রস্তুতি চলাইছে সমডাল গাঁওবাসীয়ে। কাজেই গাঁওখনত এক উৎসবমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মুইভাক আদৰণি জনাবলৈ প্রস্তুতি চলাইছে টাংখুল নগা জিংটুন লংফাং (টিএনজেডএল) নামৰ সংগঠনটোরেও। কাৰণ মুইভা টাংখুল জনগোষ্ঠীৰ সন্তান।
এই সম্পৰ্কত টিএনজেডএলৰ অধ্যক্ষ এপচান কাপায়ে কয়, ‘আভাখাৰ (মুইভাক বুজাই টাংখুল দোৱানত সম্মানীয়) উর্দুল আৰু তেওঁৰ জন্মস্থান সমডাললৈ আগমন হৈছে প্রতিজন টাংখুল লোকৰ বাবে এক আনন্দৰ বতৰা। আমি তেওঁক খোলা অন্তৰৰে আদৰণি জনাইছো আৰু তেওঁৰ সুস্বাস্থ্য আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা জনাইছো।’
টাংখুল জনগোষ্ঠীয় সংগঠন টিএনজেডএলৰ প্ৰভাৱ মণিপুৰৰ উৰ্খল আৰু কামজং জিলাৰ টাংখুলসকলৰ মাজত বৃহৎ। জিংটুন শব্দৰ অৰ্থ হৈছে উত্তৰ। মুইভাক আদৰিবলৈ প্রস্তুতি চলাইছে জিংশ্ব’ টাংখুল জনগোষ্ঠীয় লোকসকলেও। এই লোকসকলৰ সৰ্বোচ্চ সংগঠনৰ অধ্যক্ষ এ নাথানে কয়, ‘জন্মগাঁৱলৈ মুইভা ঘূৰি অহাটো বিচাৰি আমি দীঘলীয়া সময় ধৰি প্ৰাৰ্থনা জনাই আছো। তেওঁৰ নেতৃত্বত নগা আন্দোলনে দিশ, মর্যাদা আৰু দৃঢ়তা অর্জন কৰিলে। নগা জনতাৰ প্ৰতি তেওঁৰ ত্যাগ আৰু সেৱা অতুলনীয়।
একেদৰে আটো টাংখল অঞ্চলৰ সৰ্বোচ্চ সংগঠনৰ অধ্যক্ষ বাংপাম এল শিমৰেই কয়, ‘তেওঁ (মুইভা)ৰ এই ঐতিহাসিক ভ্রমণ নগাসকলৰ বাবে বিশেষকৈ টাংখুল অঞ্চলৰ বাবে সবাতোকৈ মূল্যবান আৰু আকাংক্ষিত হৈ আছে।’
উল্লেখ্য যে ১৯৭০ৰ দশকত মুইভা মণিপুৰৰ ম’ষ্ট বান্টেড আছিল। তেওঁৰ মূৰৰ বিনিময়ত আৰম্ভণিতে এক লাখ টকা ঘোষিত হৈছিল। উল্লেখ্য যে উত্তৰ-পূবৰ নগা বসতিপূর্ণ অঞ্চলসমূহৰ স্বাধীনতা বিচাৰি সশস্ত্র বিদ্রোহ ঘোষণা কৰা নগা নেচনেল কাউন্সিল (এনএনচি) ৰ সাধাৰণ সম্পাদক আছিল মুইভা।
অৱশ্যে ১৯৭৫ত শ্বিলং চুক্তিৰ পাছতে তেওঁ আৰু আন একাংশ নেতাই এনএনচি ত্যাগ কৰে। ইছাক চিশ্বি চ্যু আৰু এছএছ খাপলাঙৰ স’তে পৰৱৰ্তী সময়ত ১৯৮০ৰ জানুৱাৰীত মুইভাই এনএছচিএন গঠন কৰে। ১৯৯৭৩ এনএছচিএন (আই-এম)-এ কেন্দ্ৰৰ স’তে যুদ্ধবিৰতি ঘোষণা কৰে।২০১৬ৰ জুনত চিশ্বি ছ্যু আৰু তাৰ পাছৰ বছৰৰ জুনত খাপলাঙৰ মৃত্যু হয়।
উল্লেখ্য যে ভাৰত চৰকাৰৰ স’তে শান্তি চুক্তি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খাপলাঙৰ স’তে মুইভাৰ সংঘাত হৈছিল। এই সংঘাতৰ ফলত এনএছচিএন দুটা গোট ক্রমে ইছাক-মুইভা আৰু খাপলাং গোটত বিভাজিত হয়। যিহেতু কেন্দ্ৰৰ স’তে এনএছচিএন (আই-এম) আলোচনাত মিলিত হৈ আছে। গতিকে মুইভা বা তেওঁৰ সতীৰ্থসকলৰ চাল-চলনত কোনো চৰকাৰী প্রতিবন্ধকতা নাই। উল্লেখ্য যে মুইভাৰ জন্মগাঁও সমডাল ডিমাপুৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত অৱস্থিত।
অৱশ্যে ২০০১ৰ ১৪ জুনত কেন্দ্রই এনএছচিএন (আই-এম)ৰ যুদ্ধবিৰতি পৰিসৰ বৃদ্ধিৰ বিৰোধিতা কৰিছিল মণিপুৰ চৰকাৰ আৰু ৰাজ্যখনৰ স্থানীয় সংগঠনসমূহে। ফলত মুইভাৰ জন্মগাঁও ভ্রমণত প্রতিবন্ধকতাৰ সৃষ্টি হৈছিল। লক্ষ্যণীয়ভাবে এনএছচিএন (আই-এম)ৰ যুদ্ধবিৰতিৰ পৰিসবে অসম, অৰুণাচল প্রদেশ আৰু মণিপুৰৰ নগা বসতি থকা অঞ্চলসমূহক সামৰি লৈছে। ইয়াক লৈ প্রতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। কাৰণ এনএছচিএন (আই-এম)ৰ বৃহত্তৰ নাগালিম চুবুৰীয়া ৰাজ্যসমূহৰ অখণ্ডতালৈ ভাবুকি বুলি এই ৰাজ্যসমূহৰ অনগা লোকসকলে বিবেচনা কৰে।
সেয়েহে ২০১০৩ মুইভাই মণিপুৰস্থিত জন্মগাঁও ভ্রমণ কৰিবলৈ লয় যদিও তেওঁৰ ভ্ৰমণত অনুমতি নিদিলে মণিপুৰৰ তদানীন্তন চৰকাৰে। মুইভাৰ ভ্ৰমণৰ বিৰুদ্ধে তেতিয়া প্রতিবাদো হয়। এই প্রতিবাদৰ সময়ত ছজন লোকে প্রাণ হেৰুৱায়। অৱশ্যে এইবাৰ মুইভাৰ জন্মগাঁও ভ্ৰমণৰ বিৰোধিতা কৰা নাই কোনো দল-সংগঠনে। উল্লেখ্য যে যোৱা ১০ অক্টোবৰত মুইভাই জন্মগাঁও ভ্ৰমণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে।
