বন্ধ হ’ব একালৰ অতি জনপ্রিয় চেনেল এমটিভি

IMG 20251017 120604

ডিজিটেল মিডিয়াৰ চমকপ্রদ উত্তৰণৰ ফলত এদিন সংগীতৰ কেছেট, চিডি আদি হেৰাই গৈছিল। একেদৰে সম্প্রতি মৃত্যুৰ ক্ষণ গণিছে একালৰ বিপুল জনপ্রিয় এমটিভিয়ে। ৯০ দশকৰ কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি বহুতৰে মনত নিগাজি স্থান দখল কৰিবলৈ সক্ষম হোৱা এই মনোৰঞ্জন ধর্মী টিভি চেনেল বন্ধ কৰাৰ প্রস্তুতি চলিছে বুলি চর্চা হৈছে।

কাৰণ সংগীত অথবা মনোৰঞ্জনৰ জগত ইউটিউব, স্পটিফাই, এপেল মিউজিক আদিয়ে দখল কৰাৰ পাছত এমটিভিৰ দৰ্শকৰ সংখ্যা প্রায় নোহোৱা হৈছে। এনে পৰিস্থিতিত প্রতিষ্ঠানটোৰ আয় বুলিবলৈ নোহোৱা হৈছে। গতিকে কর্তৃপক্ষই চেনেলটো বন্ধ কৰাৰ যো-জা চলোৱাৰ আভাস স্পষ্ট হৈছে। উল্লেখ্য যে ‘আই রাণ্ট মাই এমটিভি’ শীর্ষক ধ্বনিৰে ১৯৮১ত আমেৰিকাৰ পৰা এমটিভিয়ে যাত্ৰা আৰম্ভ কৰে। কম দিনৰ ভিতৰতে চেনেলটোৱে বিপুল জনপ্রিয়তা অর্জন কৰে।

গতিকে প্রতিষ্ঠান কর্তৃপক্ষই বিশ্বৰ বিভিন্ন স্থানত এমটিভিৰ শাখা স্থাপন কৰে। সেই অনুসৰি ১৯৯৭ৰ পহিলা আগষ্টত ব্রিটেইনত প্রথমবাৰৰ বাবে এমটিভিৰ সম্প্ৰচাৰ আৰম্ভ হয়। অৱশ্যে মার্কিন এমটিভিৰ স’তে ব্রিটেইনৰ এমটিভিৰ কোনো যোগাযোগ নাছিল। দুয়োটাই সম্পূর্ণ স্বাধীনভাবে নিজৰ অনুষ্ঠান পৰিৱেশন কৰে।

প্ৰথম অৱস্থাত সংগীতভিত্তিক ভিডিঅ’ চেনেলৰূপে এমটিভিৰ যাত্রা আৰম্ভ হয়। দিনটোৰ ২৪ ঘণ্টাই ব্রিটিছ আৰু আন্তর্জাতিক পপ, ৰক সংগীত চেনেলটোত সম্প্ৰচাৰিত হয়। এমটিভি বেছ চার্ট, এমটিভি ডান্সৰ দবে অনুষ্ঠানে নিশাটোৰ ভিতৰতে কোটি কোটি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে সম্প্রতি এমটিভিৰ দৰ্শকৰ সংখ্যা একপ্ৰকাৰ আঙুলিৰ মূৰত লেখিব পৰা হৈছে।

দৰ্শকৰ সংখ্যা হাসৰ বাবে চেনেল কর্তৃপক্ষই ডিজিটেল মিডিয়াৰ আগ্রাসনক দায়ী কৰিছে। কিন্তু পৰিৱৰ্তন সকলোৱে মানি ল’বলৈ বাধ্য। তৎসত্ত্বেও চেনেলটো বন্ধ হ’ব বুলি খবৰ বিয়পি পৰাত সমগ্ৰ বিশ্বৰ কোটি কোটি দৰ্শকৰ মনত দুখ বোধৰ উদয় হৈছে। প্রতিষ্ঠানটোৰ স’তে দীর্ঘকাল ধৰি জড়িত থকা প্রাক্তন ভিডিঅ’ জকি ছাইমন এংগেলেও এই কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ বাতৰি পাই দুখ প্রকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘এই খবৰ মোৰ বাবে অবিশ্বাস্য। মই সঁচাকৈয়ে দুখ অনুভৱ কৰিছো।’ উল্লেখ্য যে ভাৰতত ১৯৯৬ত এমটিভিৰ যাত্ৰা আৰম্ভ হয়। তেতিয়া পুৰণি হিন্দী গানৰ ৰিমিক্স, সদ্য মুক্তিপ্রাপ্ত ছবিৰ গীত চেনেলসমূহত সম্প্ৰচাৰিত হৈছিল। এই অনুষ্ঠানসমূহে কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। ফলত নিশাটোৰ ভিতৰতে ভাৰততো এমটিভিয়ে প্ৰচুৰ জনপ্রিয়তা অর্জন কৰে।

চেনেলটোৰ প্ৰতি আকৃষ্ট হয় অনেক লোক। লক্ষ্যণীয় যে মালাইকা অৰোৰা, নিখিল চিনাপা, বণবিজয় সিং আদিৰ দৰে তাৰকাৰ উত্থানৰ মূল হৈছে এমটিভি। যিহেতু ৯০ দশকত সামাজিক মাধ্যম নাছিল। গতিকে ভাৰতীয়সকলে আন্তর্জাতিক সংগীতৰ ভিডিঅ’ দৰ্শনৰ বাবে টেলেভিছনৰ ওপৰতে নিৰ্ভৰশীল হৈছিল। এই দর্শকসকলৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হয় এমটিভিৰ লেখীয়া চেনেলসমূহে।

কিন্তু ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ ফলত চলিত বৰ্ষৰ ১৫ মাৰ্চত বন্ধ হৈ পৰে এমটিভি বিটছ আৰু ভিএইছ ১ ইণ্ডিয়া চেনেল। কেৱল সেয়াই নহয়, সমগ্র বিশ্বত অনেক বিনোদন ধর্মী চেনেল দৰ্শকৰ অভাৱত বন্ধ হৈছে। অৱশ্যে বর্তমানেও এমটিভি ইণ্ডিয়া চলি আছে। এই চেনেলৰ বহু সংখ্যক ৰিয়েলিটি শ্ব’বে জনপ্রিয়তাও অৰ্জন কৰিছে। তৎসত্ত্বেও অদূৰ ভৱিষ্যতে এমটিভি বন্ধ হোৱাৰ প্ৰচাৰ হৈছে।

Exit mobile version