Tinsukia:
তিনিচুকীয়া কাকপথাৰ ভাৰতীয় সেনাৰ 19 Grenadierৰ কাকপথাৰ সেনা বাহিনীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ । সেনাবাহিনীৰ শিবিৰলৈ লক্ষ্য কৰি RPG নিক্ষেপ ।
নিশা প্ৰায় ১২.৩০ বজাত এখন ট্ৰাকত অহা দুৰ্বৃত্তৰ দল এটাই যথেষ্ট সময় ধৰি গুলীবৰ্ষণ কৰাৰ লগতে বিস্ফোৰণে কপাই তোলে কাকপথাৰ অঞ্চল । এই বিস্ফোৰণত তিনিগৰাকী ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে এই বিস্ফোৰণত আলফা স্বাধীন জড়িত বুলি সন্দেহ কৰিছে । আনহাতে কাকপথাৰ সেনা শিবিৰৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে কয়,’আজি ইংৰাজী ১৭ অক্টোবৰ ২০২৫ তাৰিখে প্রায় ০০:৪০ বজাত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ অধীনস্থ’ “সংযুক্ত মুক্তি ফৌজ অসম’ৰ সেনানী সকলে “অভিযান প্রতিশোধ [Oparation Vengeance]”ৰ জড়িয়তে তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ঔপনিৱেশিক ভাৰতীয় দখলদৰী বাহিনীৰ “19 Grenadier” শিবিৰত এক সমৰিক অভিযানৰ কাৰ্য্যসূচী ৰূপয়ন কৰে। উক্ত সামৰিক অভিযানত দখলদৰী বাহিনীৰ তিনিজনতকৈ অধিক সেনা জোৱান হতাহত হয়।“অভিযান প্রতিশোধ”ৰ জড়িয়তে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ স্পষ্ট বার্তা যে- “ঔপনিৱেশিক ভাৰতীয় শাসকে তাৰ দখলদাৰী বাহিনীৰ দ্বাৰা যিমানেই অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে আমাৰ সংগঠনক নিঃশেষ কৰিবলৈ নিবিচৰক কিয়; সিয়ে আমাক কোনো কালেই আমাৰ ঈপ্সিত লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰে। বৰঞ্চ দখলদাৰী বাহিনীৰ তেনে বৰ্বৰতাই আমাক আমাৰ মনোবল আৰু অধিক দৃঢ় কৰাত প্ৰেৰণ আৰু উৎসাহে যোগাব।
আনহাতে, স্থায়ীয় ৰাইজে জানিব দিয়া মতে ৪টাকৈ বিস্ফোৰণ হৈছিল । আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কত জোৰ তদন্ত অব্যাহত ৰাখিছে । ইপিনে দুৰ্বৃত্তৰ দলে ঘটনাত ব্যৱহাৰ কৰা AS25 EC2359 ট্ৰাক খন ইতিমধ্যেই উদ্ধাৰ কৰিছে অসম অৰুণাচল সীমান্তৱৰ্তী টেঙাপানীত ।
ADVERTISEMENT




































