Expansion of the Assam Cabinet:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত আজি ড:হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰা হয় ৷ মাজবাটৰ বিপিএফৰ বিধায়ক চৰণ বড়োক অন্তভুৰ্ক্ত কৰা হয় মন্ত্ৰী সভাত ৷
সেই অনুসৰি আজি পুৱা ৰাজভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী ৰূপে শপত লয় বিপিএফৰ বিধায়ক চৰণ বড়োৱে ৷ শপতবাক্য পাঠ কৰোৱায় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ৷
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী,কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,অসম মন্ত্ৰী সদস্য সহ এনডিএ অংশীদাৰ বিধায়ক সকল ৷
শপত গ্ৰহণ অনুষ্ঠানৰ আঁত ধৰে মুখ্যসচিব ড:ৰবি কোটাই ৷ উল্লেখ্য যে ,চৰণ বড়োৰ মন্ত্ৰী সভাত অংশগ্ৰহণৰ জৰিয়তে এন ডিএত চামিল হ’ল বিপিএফADVERTISEMENT






























