AATASU:
সদৌ অসম ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে ভুল বাৰ্তাৰে ৰাজ্যৰ জনজাতীয় ৰাইজক বিভ্রান্ত কৰিবলৈ বিচাৰিছে বুলি সৰৱ হৈ উঠিছে তাই আহোম ছাত্র সন্থা (আটাছু)। শনিবাৰে এখন সংবাদমেলৰ জৰিয়তে ট্রাইবেল সংঘৰ বিষয়ববীয়াজনে পুনৰ টাই আহোমসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰে। ইয়াৰ প্ৰত্যুত্তৰ দি সম্প্রতি তেওঁক সকীয়াই দিছে আটাছুৱে ।
শিৱসাগৰত এখন সংবাদমেলত আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয়, ‘খাখলাৰীয়ে কৈছে যে আহোম জনগোষ্ঠীয় সংগঠনসমূহে অসমৰ জনজাতিকৰণৰ মৰ্যাদা নোপোৱাৰ পূৰ্বেই দাদাগিৰী কৰিছে। জনজাতিৰ বিপক্ষে আন্দোলন কৰিছে বুলি ভুল বাৰ্তাৰে অসমৰ জনজাতীয় ৰাইজক তেওঁ বিভ্রান্ত কৰিবলৈ বিচাৰিছে। সেয়েহে আমি স্পষ্ট কৰি দিছো যে আহোম জনগোষ্ঠীয় নেতাই এনে মন্তব্য ক’তো কৰা নাই। এনে ভুল বার্তা জনজাতীয় লোকসকলৰ মাজত বিলোৱাৰ পৰা খাখলাৰী বিৰত থাকিব লাগে। এনে জ্যেষ্ঠ জনজাতীয় নেতাৰূপে তেওঁৰ প্রতি আমাৰ শ্ৰদ্ধা আছে। কিন্তু সেই বুলি তেওঁ যিহকে মন যায় তাকে কৈ থাকিব, সেইটো মানি লোৱা নহ’ব।’
সংবাদমেলত খাখলাৰীয়ে আহোমসকল যথেষ্ট আগবঢ়া বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে আটাছু নেতাজনে। আটাছু নেতা গগৈয়ে কয়, ‘খাখলাৰীয়ে কৈছে যে আহোমসকল উন্নতিৰ শিখৰত থকা এটা জনগোষ্ঠী। সেয়েহে আহোমসকলে জনজাতিৰ স্বীকৃতি পাব নালাগে। যদি আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হয়, তেন্তে অসমৰ স্বীকৃতিপ্রাপ্ত সৰু-বৰ জনজাতিসকল বঞ্চিত হ’ব বুলি তেওঁ কৈছে। সেয়েহে আমি স্পষ্টকৈ কৈছো যে ১৯৭১তে বড়োসকলে জনজাতিৰ মৰ্যাদা লাভ কৰে। তেতিয়াৰ পৰা আজিলৈ বড়ো জনগোষ্ঠীয় লোকসকল আগবাঢ়ি গৈ অসমৰ ভিতৰত তেওঁলোকে দ্বিতীয়খন ৰাজ্য পাবলৈ সক্ষম হোৱাৰ দিশে গতি কৰিছে।
ৰাজ্যৰ অধীনত ৰাজনীতিলৈ তেওঁলোক আগবাঢ়িছে। সেয়েহে বিটিএডি গঠন কৰিছে। যদি গৃহ আৰু বিত্ত বিভাগ তেওঁলোকৰ হাতলৈ যায়, তেতিয়া বড়োলেণ্ড সম্পূৰ্ণৰূপে অসমৰ পৰা পৃথক হৈ যাব।’ ১৯৭১ৰ পৰা বৰ্তমানলৈ বড়োসকল সামাজিক আৰু অৰ্থনৈতিকভাৱে কিমান আগবাঢ়িল তাৰো এক সমীক্ষা হ’ব লাগে বুলি আটাছু নেতাজনে মন্তব্য কৰে। খাখলাৰীৰ মন্তব্য প্রসংগত তেওঁ লগতে কয়, ‘খাখলাৰীয়ে আহোমসকলৰ মাজত এটা আর্থ-সামাজিক জৰীপ হ’ব লাগে বুলি দাবী কৰিছে। তেওঁৰ এই দাবীৰ স’তে আমি সহমত প্রকাশ কৰিছো। জনজাতিৰ স্বীকৃতি পোৱাৰ পাছত ১৯৭১ৰ পৰা বৰ্তমানলৈ বড়োসকলে ৰাজনৈতিক, সামাজিক আৰু আর্থিক দিশত কিমান উন্নতি সাধন কৰিলে তাৰো এক সমীক্ষা হ’ব লাগে।
খাখলাৰীক উভতি ধৰি আটাছু নেতাজনে পুনৰ কয়, ‘খাখলাৰীয়ে সংবাদমেলত কৈছে যে আহোমসকলে ক’ব লাগে যে তে অসমত ৬২০ বছৰ ৰাজত্ব কৰা নাই। আহোম জনগোষ্ঠীৰ পৰা মুখ্যমন্ত্রী, মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈছে বুলিও তেওঁ মন্তব্য কৰিছে। আমি আহোমে অসমত ৬২০ বছৰ ৰাজত্ব কৰিছে। এয়া ধ্রুব সত্য। কিন্তু সেই ৰাজত্বৰ সময় আছিল ৰাজতন্ত্র। যদিও ৰাজতন্ত্র আছিল তথাপি সেই সময়ত আহোমৰ নীতি-আদর্শ আছিল সাম্যবাদ তথা সমাজবাদ। সাম্যবাদ আৰু সমাজবাদৰ অৰ্থ খাখলাৰীয়ে যদি বুজি পালেহেঁতেন তেন্তে তেওঁ আহোম জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি নল’লেহেঁতেন। আহোম জনগোষ্ঠীৰ পৰা মুখ্যমন্ত্ৰী, কেন্দ্রীয় মন্ত্রী, মুখ্য – ন্যায়াধীশ আদি হৈছে।
বড়ো জনগোষ্ঠীৰ পৰাও বিধানসভাৰ অধ্যক্ষ, ৰাজ্যপাল,দেশৰ মুখ্য নির্বাচন বিষয়া আদি হৈছে। গতিকে ভিত্তিহীন কথাৰে খাখলাৰীয়ে মানুহৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিব নালাগে।’ খাখলাৰীক দায়িত্ব সোঁৱৰাই দি তেওঁ লগতে কয়, ‘গুৱাহাটীৰ কাষৰ সোণাপুৰত জনজাতি বেষ্টনীৰ ভূমি কিমান সুৰক্ষিত হৈ আছে তাৰ খবৰ খাখলাৰীয়ে ৰাখিছেনে? চিদলী জনজাতি বেষ্টনীৰ ভূমি, বিজনীৰ দক্ষিণ কামৰূপত জনজাতি বেষ্টনীৰ ভূমি আদি জনজাতি লোকৰ ভূমি সুৰক্ষিত কৰিবলৈ খাখলাৰী কিমান সুৰক্ষিত হৈছে?
ADVERTISEMENT




































