Munna Prasad Gupta:
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা চিআইডিৰ মুৰব্বী মুন্না প্ৰসাদ সহ আন এজন শীৰ্ষ বিষয়া আজি ৰাওনা হ’ব ছিংগাপুৰলৈ ৷
উল্লেখ্য যে,হাৰ্টথ্ৰৱ গৰাকীৰ ১৯ ছেপ্তেম্বৰত ৰহস্যজনক মৃত্যুৰ পিছতে সমস্ত ঘটনাৱলীৰ তদন্ত দায়ি দিয়া হয় চিআইডি এছ আইটিক ৷ ইতিমধ্যে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চাৰিজনক ৷ একেদৰে ভাষ্য গ্ৰহণ কৰিছে ছিংগাপুৰৰ ১০ জন প্ৰৱাসী অসমীয়া সহ বিভিন্নজনৰ।
আনহাতে জুবিনৰ মৃত্যুৰ এমাহ অতিক্ৰম হ’ল যদিও ছিংগাপুৰৰ ঘটনাৰ স্থানত উপস্থিত হৈ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল এছ আইটি ৷ কাৰণ এই ক্ষেত্ৰত বাধা আহিছিল দেশখনৰ ৷ অৱশ্যে ইতিমধ্যে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা চুক্তি অনুসৰি ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত কৰিবৰ বাবে ভাৰতীয় দূতাবাসৰ জৰিয়তে ছিংগাপুৰ প্ৰশাসনে সেউজ সংকেত দিয়ে অসম আৰক্ষীক ৷ সেই অনুসৰি জুবিনৰ মৃত্যুৰ ঘটনাস্থল পৰিদৰ্শন কৰি তদন্ত কৰিবলৈ আজি ছিংগাপুৰ অভিমুখে উৰা মাৰিব এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্ত সহ আন এজন শীৰ্ষ আৰক্ষী বিষয়া ৷
ADVERTISEMENT




































