Spirit:✒️শৰীৰত অশৰীৰীৰ ভৰ! বিজ্ঞান আৰু প্রযুক্তিৰ যুগত এই ধৰণৰ অস্বাভাৱিক ঘটনা কার্যতঃ অসম্ভৱ বুলিয়ে জনাইছে বিজ্ঞানী আৰু বিশেষজ্ঞসকলে। যিসকলে অশৰীৰীক লৈ গৱেষণা কৰে, তেওঁলোকৰ ওচৰতো এই ঘটনাৰ কোনো ব্যাখ্যা নাই। অথচ শাহুৱেকৰ শৰীৰত ভৰ দি এগৰাকী মৃতা মহিলাই সন্তানক স্তনদুগ্ধ পান কৰোৱা এক ঘটনাই সম্প্রতি ব্যাপক চর্চা লাভ কৰিছে। প্রায় আঠ বছৰৰ আগৰ এই ঘটনা সম্প্রতি পোহৰলৈ অহাৰ লগে লগে বিশেষজ্ঞসকলো আচৰিত হৈ পৰিছে। আনকি এই ঘটনাৰ তদন্তৰো সিদ্ধান্ত লৈছে একাংশ বিশেষজ্ঞই।
অৱশ্যে বিশেষ কাৰণত মহিলাৰ পৰিচয় তথা ঠিকনা সম্প্রতি গোপনে ৰখা হৈছে। বিশেষকৈ শিশু সন্তানৰ কথা ভাবিয়েই গোপন ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই ঘটনা সদৰী কৰিছে ‘ছিষ্টেমেটিক পেৰানৰ্মেল ইনভেষ্টিগেচন, বিছার্চ এণ্ড ইন্টেলিজেন্স টীম’ বা ‘স্পিৰিট’ৰ তৰফৰ পৰা।
এগৰাকী যুৱতী মাতৃৰ মৃত্যুৰ পাছত তেওঁলোকৰ ঘৰত যিবোৰ ঘটনা ঘটি আছে, তাৰ অনেক তথ্য অনুসন্ধানৰ পাছত ‘স্পিৰিট’ৰ সদস্যসকলে তদন্তত নামিবলৈ মনস্থিৰ কৰিছে। মহিলাগৰাকীৰ মৃত্যুৰ পাছত ঘৰৰ এজন প্রৌঢ় ব্যক্তিৰো মৃত্যু হয়। দুয়োটা মৃত্যুৰ সংযোগ থকা বুলিয়ে পৰিয়ালৰ লোকে সন্দেহ কৰে। বিস্ময়ৰ মাত্রা বৃদ্ধি পাইছে আন এক ঘটনাত।
মহিলাগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ তিনি মহীয়া শিশু পুত্রক ‘মাতৃদুগ্ধ’ৰে পুষ্ট কৰি তুলিছে তেওঁৰ ৫৫ বছৰীয়া শাহুৱেকে। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে বিশেষজ্ঞৰ দলে তৎপৰতা আৰম্ভ কৰিছে। বায় ‘লজিকেলি এই ঘটনা অসম্ভৱ বুলিয়ে বিশেষজ্ঞৰ মত। সেই বয়সত এগৰাকী মহিলাৰ স্তনদুগ্ধ কিদৰে সৃষ্টি হ’ব পাৰে, তাকে লৈ চৰ্চা আৰম্ভ হৈছে।
এক দুর্ঘটনাত পৰিয়ালটোৰ যুৱতী বোৱাৰীয়েকৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। তেতিয়া তেওঁৰ পুত্র সন্তানৰ বয়স আছিল মাত্র তিনি মাহ। সেই ঘটনাৰ পাছত ঘৰখনত অস্বাভাৱিক কাণ্ড ঘটিবলৈ আৰম্ভকৰে। কেতিয়াবা বাচন পৰি যায়, কেতিয়াবা আকৌ খালী কোঠাত খোজকঢ়াৰ শব্দ শুনা যায়।
বিস্ময়ৰ মাত্রা তেতিয়াই বৃদ্ধি পায়, যেতিয়া শাহুৱেকে বুজিব পাৰে যে তেওঁৰ স্তনত গাখীৰ উৎপন্ন হ’বলৈ ধৰিছে। বিষয়ত আতংকিত হ’লেও তেওঁ এটা কথাত সকাহ পাইছিল। কিয়নো মাতৃহাৰা শিশুটিৰ ক্ষুধা নিবাৰণৰ বিষয়টোত তেওঁ নিশ্চিত হ’ব পাৰিছিল। আইতাকৰ বুকুৰ দুগ্ধ পান কৰিয়েই সেই শিশুটিৰ বয়স এতিয়া আঠ বছৰ।
শিশুটিৰ পুষ্টিৰো কোনো অভাৱ শৰীৰত স্পষ্ট হোৱা নাই। এই বিষয়ত ‘স্পিৰিট’ৰ সদস্য সৌমেন ৰায়ে কয়, ‘ইয়াৰ কোনো ব্যাখ্যা আমি এই পর্যন্ত পোৱা নাই। ঘটনাটো বিশ্লেষণ কৰি চাব লাগিব। স্থানীয় লোকে দাবী কৰিছে যে সেই বয়স্ক মহিলাৰ ভিতৰত তেওঁ বোৱাৰীয়েকে ভৰ কৰিছিল, নিজৰ সন্তানৰ স্বাৰ্থত। সেই শাহুৱেকৰ শৰীৰত ভৰ কৰিয়ে তেওঁ সন্তানক দুগ্ধপান কৰাই আছিল।’অৱশ্যে সেই পৰিয়ালৰ কাৰো একো ক্ষতি হোৱা নাই।






























