Himanta Biswa Sarma:
হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে ৫০শতাংশ আন্দোলন কমি যাব,এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয় ৷ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন ৷ যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল । বাকসাৰ নিকাছিত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । বাকসাৰ ঘটনাৰ মূল দোষী সাংবাদিক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।
তেওঁ আৰু কয় যে,অভিযুক্ত সকল জামিন পালেহে হুলস্থূল হ’ব লাগিছিল । জামিন নোপোৱা বাবে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ । গতিকে ন্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰ জয়ী হৈছে। ন্যায়ৰ প্ৰক্ৰিয়াটো মানুহে বুজিব লাগিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । ফাষ্টট্ৰেক আদালতৰ দ্বাৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব ।উল্লেখ্য যে বাকসাত ১৫ অক্টোৱৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে বাকসাত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী । কুৱেৰী চ’কত ৰাইজৰ সৈতে মত বিনিময় কৰি গুলীবিদ্ধ দুয়োজনকে ২ লাখ টকাৰ চেক প্ৰদান কৰে ।
ADVERTISEMENT




































