সন্মুখত বিয়াৰ বতৰ। যাৰ প্ৰস্তুতিও চলিছে পূর্ণগতিত। এনে অৱস্থাতে প্ৰচুৰ বিক্ৰী হৈছে নাবালিকা ‘কইনা’। অৱশ্যে এয়াই প্রথম নহয়। বছৰৰ পাছত বছৰ ধৰি চীনত নাবালিকা ‘কইনা’ বিক্ৰী কৰি আছে পাকিস্তানে। যি সৰবৰাহৰ কাহিনী অতীততো পোহৰলৈ আহিছিল। তথ্য ফাদিল হ’লেও কিন্তু এই অবৈধ ব্যৱসায় বন্ধ হোৱা নাই। এতিয়াও চীনৰ স’তে বন্ধুত্ব অটুট ৰাখিবলৈ এই ব্যৱসায়ত নিৰ্ভৰশীল হৈ আছে পাকিস্তান। দিনৰ পাছত দিন ধৰি প্রকাশ্যেই নাবালিকা ‘কইনা’ সৰবৰাহ কৰি আছে চীনলৈ।
এই ‘কইনাৰ বজাৰ’ পাকিস্তানৰ কোনো নির্দিষ্ট অঞ্চলত নবহে। যিকোনো সময়ত যিকোনো স্থানৰ পৰাই নাবালিকাসকলক সৰবৰাহ কৰা হয় চীনলৈ। তাকো আকৌ কইনা সজায়। তথ্য অনুসৰি, এই সৰবৰাহ চলে প্রধানকৈ পাকিস্তান আৰু চীনৰ সীমান্ত অঞ্চলত।
এই সীমান্ত অঞ্চলৰ গাঁওসমূহৰ পৰাই নাবালিকাসকলক বিক্ৰী কৰি দিয়া হয়। প্রকাশিত তথ্য অনুসৰি, পাকিস্তান আৰু চীনৰ সীমান্তত বসবাসকাৰী প্ৰধানকৈ খ্রীষ্টান ধৰ্মাৱলম্বী নাবালিকাসকলকে বিবাহৰ প্রতিশ্রুতি দি সৰবৰাহ কৰা হয়।
প্ৰধানকৈ ১২ৰ পৰা ১৮ বছৰ বয়সৰ নাবালিকাসকলক নিজৰ পৰিয়ালেই সৰবৰাহ কৰে। বিবাহৰ প্ৰতিশ্ৰুতিৰে চীনত বিক্ৰী কৰি দিলেও এই নাবালিকাসকলৰ পৰিণতি অতি ভয়ংকৰ হয়। উল্লেখ্য যে চীনৰ জনসংখ্যাত পুৰুষৰ আধিক্য বেছি।
পৰিসংখ্যা অনুসৰি, মুঠ জনসংখ্যাত মহিলাৰ তুলনাত ৩৫ নিযুত বেছি পুৰুষ আছে। সেয়ে চাহিদাও থাকে তুংগত।আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই জনাইছে যে বয়স, সৌন্দর্য, সুস্বাস্থ্য তথা সুন্দৰী নাবালিকাসকলৰ চাহিদা অনেক বেছি।
সেই অনুসৰি মূল্য দি কইনাসকলক ক্ৰয় কৰা হয়। সকলো মিলাই ভাৰতীয় মুদ্রাত দুইৰ পৰা ন লাখ টকালৈ দাম উঠে। চাহিদা পূৰণ হ’লেই বেছি দামত চীনৰ বাসিন্দাসকলে ক্রয় কৰে পাকিস্তানৰ খ্ৰীষ্টান নাবালিকাক।
একাংশ সমাজকর্মীয়ে জনাইছে যে দাৰিদ্য দূৰ কৰাৰ বাবেই চীনৰ ধনী পৰিয়ালৰ হাতত নিজৰ কন্যাক তুলি দিয়ে অভিভাৱকে। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সদস্যসকল দীর্ঘদিনৰ পৰাই এই সৰবৰাহৰ স’তে জড়িত। শকত অংকৰ বিনিময়ত তেওঁলোকে কিশোৰীসকলক বিক্রী কৰে।
অৱশ্যে আৰম্ভণিতে বিয়াৰ প্ৰতিশ্রুতি দিলেও, ধনী পৰিয়ালৰ সদস্য হোৱাৰ টোপ দিলেও এই নাবালিকাসকলৰ চৰম পৰিণতি হয়। এই নাবালিকাসকলক অধিকাংশ পুৰুষে যৌনদাসীৰূপে ব্যৱহাৰ কৰে। কেতিয়াবা ঘৰৰ বনকৰাৰূপেও কাম কৰায়। বিয়াৰ নামত চলে নিৰ্মম যৌন অত্যাচাৰ।
কেৱল নাবালিকাই নহয়, ধনৰ প্ৰয়োজনত কেতিয়াবা তেওঁলোকৰ ভ্ৰাতৃ-ভগ্নীকো চীনলৈ প্ৰেৰণ কৰা হয়। কেতিয়াবা কেতিয়াবা পৰিয়ালো লগত যায়; কিন্তু কিছুদিন থাকি পুনৰ পাকিস্তানলৈ ঘূৰি আহে।
নাবালিকাসকল যাতে ভীতিগ্রস্ত হৈ নপৰে, সেই বাবেই কিছুদিন পৰিয়ালে তেওঁলোকক সংগ দিয়ে। পৰিসংখ্যা অনুসৰি, কেৱল ২০১৯তে বিবাহৰ প্রতিশ্রুতি দি ৬২৯গৰাকী নাবালিকাক চীনত বিক্ৰী কৰা হৈছিল। আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্ৰই লগতে জনাইছে যে সমগ্র ঘটনাটো বেআইনীভাবে সংগঠিত হয়।
ভুৱা পাছপ’ৰ্ট, ভিছা দেখুৱাই চীন সীমান্ত পাৰ কৰোৱা হয়। কেতিয়াবা আকৌ আজাৰবেইজান হৈও নাবালিকাসকলক চীনলৈ সৰবৰাহ কৰা হয়। বিবাহৰ প্ৰতিশ্ৰুতিৰে কইনা বিক্ৰী কৰিলেও আচলতে যৌনদাসী হৈয়েই আজীৱন থাকিবলগীয়া হয় এই দুর্ভগীয়া নাবালিকাসকলে।






























