Dibrugarh AASU Protest:জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত আছুৱে কপালে ডিব্ৰুগড়

কে'বা সহস্ৰাধিক আছু কৰ্মীয়ে উত্তাল কৰিলে ডিব্ৰুগড়ৰ ৰাজপথ

a3 2

Dibrugarh AASU Protest:

জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত আছুৱে কপালে ডিব্ৰুগড় ৰাজপথত ৷ কে’বা সহস্ৰাধিক আছু কৰ্মীৰ বৃহৎ সমদলৰে উত্তাল হ’ল ডিব্ৰুগড় ৰাজপথ ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই চৌডিঙ্গীস্থিত আছুৰ শ্বহীদ ভৱনৰ পৰা ডিব্ৰুগড়ৰ থানা চাৰিআলি লৈকে এক বৃহৎ সমদল বাহিৰ কৰে। সমদলৰ নেতৃত্ব লয় আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে।
বিজেপি মুৰ্দাবাদ, জুবিন দাক লৈ ৰাজনীতি নচলিব, জুবিনদাই ন্যায় পাবই লাগিব।শ্লগান দি হাজাৰ- হাজাৰ ছাত্ৰ কৰ্মীয়ে ডিব্ৰুগড়ৰ ৰাজপথ কঁপাই তোলে। চৰকাৰৰ ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে বুলি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এমাহ উকলি গৈছে কিন্তু কোনো ধৰণৰ ফলাফল দেখিবলৈ পোৱা নাই। এতিয়াটো বিজেপি দলটোৰে চৰকাৰ খনৰ ওপৰত আস্থা নোহোৱা হৈছে। যাৰ বাবে আন্দোলন কৰিব লগা হৈছে লগতে জুবিন অনুৰাগীৰ মাজত বিভেদ আনিবলৈ প্ৰকৃত অনুৰাগী ভুৱা অনুৰাগী বুলি পাথক্য আনিবলৈ চেষ্টা কৰিছে।
জুবিন গাৰ্গৰ বিষয়টি কোনো ৰাজনীতি নকৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে চৰকাৰ খনে ব্যৱস্থা কৰিব লাগে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Exit mobile version