Wild Elephant Death:লংকাৰ কাৰিখানা বিলগাঁৱত কৰুণ ঘটনা

বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু দুটাকৈ বন্যহস্তীৰ

ele2 1

Wild Elephant Death:

পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী কাৰিখানা বিলগাওঁত শোকাৱহ ঘটনা ৷ বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যুক সাৱটি লয় দুটাকৈ বন্যহস্তীয়ে।
উল্লেখ্য যে শীতৰ আগমনৰ লগে লগে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ধান খেতি আৰু কুঁহিয়াৰ খেতিত বিদ্যুৎ সংযোগ কৰিছিল স্থানীয় ৰাইজে। জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাঁকৰ দুই বন্যহস্তী যোৱা নিশা এইদৰে বিদ্যুৎপৃষ্ঠ হৈ থিতাতে কৰুণ মৃত্যু ঘটে ৷
আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ লোক ৷ বনবিভাগৰ সূত্ৰমতে, মৃত বন্যহস্তী দুটাৰ বয়স আনুমানিক ক্ৰমে, ১২ বছৰ আৰু ২ বছৰ মান হ’ব।
Exit mobile version