ছয়গাঁৱৰ ৰাজপথত জুবিন গাৰ্গৰ ন্যায় বিচাৰি যুৱকৰ অভিনৱ প্ৰতিবাদ

IMG 20251024 131723

Zubeen Garg:✒️জুবিন গাৰ্গৰ ন্যায় বিচাৰি ছয়গাঁৱৰ ৰাজপথত এজন যুৱকে অকলে কৰিলে অভিনৱ প্রতিবাদ। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আলেগজাৰী গাঁৱৰ অনিল চন্দ্ৰ দাসৰ পুত্ৰ প্ৰাণজিৎ দাসে বৃহস্পতিবাৰে ছয়গাঁৱৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জুবিন গাৰ্গৰ ন্যায় বিচাৰি প’ষ্টাৰ, বেনাৰ, ফটো লৈ মৌন প্রতিবাদ সাব্যস্ত কৰে।

যুৱকজনে প’ষ্টাৰ, বেনাৰত লিখি লয়-ন্যায়ৰ জুইকুৰা হয়তো বহুতে নুমুৱাবৰ চেষ্টা কৰিব পাৰে, কিন্তু যদি আমি ন্যায় নাপাওঁ আমি আমাৰ মনৰ জুইকুৰা নুমুৱাব নোৱাৰিম আৰু জুবিনদায়ো শান্তি নাপাব। দুর্গা পূজা, কাতি বিহু, দেবালীও শেষ হ’ল।কিন্তু এতিয়াও জুবিনদাৰ কিয় হোৱা নাই ন্যায়?

কিমান সময়, কিমান দিন আৰু এই জুইকুৰা বুকুত লৈ থাকিব লাগিব। আমাক ৰাজনীতি নালাগে, আমাক অযথা বিতর্ক নালাগে, আমাক কেরল ন্যায় লাগে। জুবিনদাক অতি সোনকালে ন্যায় দিয়ক-আদি।

যুৱকজনে অতি শীঘ্রে জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক আহ্বান জনায়। ইয়াৰ পাছতে যুৱকজনে ছয়গাঁৱৰ ঔগুৰি আৰু গুমী পথলৈ গৈ প্রতিবাদ সাব্যস্ত কৰে।

Exit mobile version