Guwahati :
মহানগৰীৰ হাতীগাৱঁৰ লখিমী নগৰৰ এটা ভাড়াঘৰত ভয়ংকৰ ঘটনা ৷ ত্রিকোণীয়া প্ৰেমৰ কৰুণ পৰিণতি। ভাৰাতীয়া হিচাপে লিভ ইনত আছিলএহাল প্রেমিক-প্রেমিকা ৷ এসপ্তাহ দিন পূৰ্বে প্রেমিকা গৈছিল নিজৰ পৈত্ৰিক গৃহলৈ । ইয়াৰ পিছতে ভাড়াঘৰটোলৈ আহিছিল আন এগৰাকী যুৱতী। কিন্ত ভাড়াঘৰটোৰ ভিতৰত দেখা পায় তুলিৰে মেৰিয়াই থোৱা অৱস্থাত আছে যুৱতীৰ মৃতদেহ ৷ মৃতদেহটোৰ কাষত আছে নগদ একলাখ টকা ৷
ভাড়াঘৰটোত উপস্থিত হোৱা যুৱতী গৰাকীয়ে এই দৃশ্য প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই ৷ সমবেত হয় স্থানীয় প্ৰতিবেশী ৷ উপস্থিত হয় দিছপুৰ আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেজিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত ৷
ADVERTISEMENT




































