Election:✒️চলি থকা চৰ্চা অনুসৰিয়ে দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ৰ বাবে প্রস্তুতি চলাইছে নির্বাচন আয়োগে। আজি এই সম্পৰ্কীয় তাৰিখ তথা কাৰ্যসূচী ঘোষণা কৰা হ’ব। আজি আবেলি চাৰি বজাত দিল্লীৰ বিজ্ঞান ভৱনত আয়োগৰ এক সংবাদমেলতে এই ঘোষণা কৰা হ’ব বুলি উচ্চস্তৰীয় সূত্ৰত প্রকাশ।
নির্বাচনমুখৰ পশ্চিমবংগ, অসম, কেৰালা, পুডুচেৰী আৰু তামিলনাড়ুকে ধৰি ১০ৰ পৰা ১৫ খন ৰাজ্যত এই পুনৰীক্ষণ কৰিব আয়োগে। প্রথম পর্যায়ত উক্ত পাঁচখন ৰাজ্যত ভোটাৰ তালিকাৰ এই পুনৰীক্ষণ কৰা হ’ব বুলি সম্ভাৱনা প্রকাশিত হৈছে।
তিনিদিন পূর্বে আয়োগে সকলোবোৰ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ স’তে বৈঠকত মিলিত হৈছিল। বৈঠকত এছআইআৰ সন্দৰ্ভত বিহাৰৰ অভিজ্ঞতা আলোচিত হয় আৰু প্ৰক্ৰিয়াটো দেশজুৰি সুসংহতভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হয়। বিহাৰত চলিত বৰ্ষত ২৪ জুনৰ পৰা আৰম্ভ কৰি ৩০ ছেপ্টেম্বৰলৈ চাৰি মাহত সম্পূৰ্ণ কৰা হয় এছআইআৰৰ প্ৰক্ৰিয়া।
অৱশ্যে এই সময়সীমা হ্রাস কৰাৰ বাবে আয়োগে পৰিকল্পনা কৰিছে।নির্বাচন আয়োগে পূৰ্বৰ আৰু বৰ্তমানৰ ভোটাৰ তালিকাক ৰিজাই চোৱাৰ কাম আৰম্ভ কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিছে। যাতে ভোটাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত কম সময়ৰ প্ৰয়োজন হয়। বিহাৰত এই পুনৰীক্ষণ প্রক্রিয়াক লৈ বিৰোধীৰ সমালোচনাই ধুমুহাৰ সৃষ্টি কৰাৰ সময়তে এছআইআৰক লৈ সিদ্ধান্ত ল’লে আয়োগে।
সূত্রত প্রকাশ যে আজি ঘোষণাৰ পাছত মঙলবাৰৰ পৰাই এছআইআৰৰ কাম আৰম্ভ হ’ব। এই মর্মে অহা এক নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’)ৰ ঘৰে ঘৰে প্ৰ-পত্ৰ লৈ যাব বুলি সূত্রত প্রকাশ। প্রথমতে দিল্লীৰ পৰা গণনাৰ অনলাইন ফর্ম নির্বাচনী পুনৰীক্ষণ বিষয়া (ইআৰঅ’) লৈ আয়োগে প্ৰেৰণ কৰিব। তাৰ পাছত সেইসমূহ ছপা কৰা হ’ব।
এজন ভোটাৰৰ বিপৰীতে দুখনকৈ এনুমাৰেচন ফর্ম ছপা কৰিব আয়োগে। এই ফর্মসমূহ বিএলঅ’ই ঘৰে ঘৰে দিব। প্ৰ-পত্ৰৰ বাকী অংশ পূৰণ কৰি উপযুক্ত নথিসমূহ জমা দিব লাগিব।
দেশৰ ভিতৰত প্ৰথমতে বিহাৰত আয়োগে এছআইআৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। প্ৰাথমিক তথ্য অনুসৰি ৰাজ্যখনত ৬৫ লাখ লোকৰ নাম বাদ পৰে। বিহাৰত এই প্রক্রিয়া চলি থকাৰ সময়তে আয়োগে স্পষ্ট কৰিছিল যে পর্যায়ক্রমে দেশজুৰি ভোটাৰ তালিকাৰ গভীৰ পুনৰীক্ষণ কৰা হ’ব। এই মর্মে বুথ পৰ্যায়ৰ বিষয়াসকলক আয়োগে প্রশিক্ষণ দিয়ে।
বিহাৰক লৈ বিৰোধীয়ে তীব্র সমালোচনা কৰে আৰু সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়গৈ। তাৰ পাছতে আধাৰ কাৰ্ড গ্রাহ্য পৰিচয়পত্ৰৰূপে স্বীকৃত হয়।






























