CId HQ:
১৯ ছেপ্তেম্বৰত ছিংগাপুৰত সমুদ্ৰৰ বক্ষত ৰহস্যজনক মৃত্যু হোৱা অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এছ আইটি ৷ ইতিমধ্যে এছআইটিৰ জালত পৰি শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা সহ আঠজনকৈ অভিযুক্ত বৰ্তমান ন্যায়িক জিন্মাত কাৰাৰুদ্ধ হৈ আছে ৷

জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱা ঘটনাৰ সময়ত ছিংগাপুৰতে উপস্থিত আছিল শ্যামকানু মহন্তৰ দুই ঘনিষ্ঠ সহযোগী গিৰ্বাণী ডেকা আৰু ৰঞ্জন ইংতি ৷এছ আইটিয়ে জুবিন মৃত্যু সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনৰ ভাষ্য গ্ৰহণ কৰাৰ মাজতে এছ আইটিৰ তলবত সোমবাৰে চিআইডি হেড কোৱাৰ্টাৰত উপস্থিত হয় শ্যামকানু মহন্তৰ দুই ঘনিষ্ঠ সহযোগী গিৰ্বাণী ডেকা আৰু ৰঞ্জন ইংতি ৷ দুয়োৱে এছ আইটিৰ আগত নিজৰ ভাষ্য প্ৰদান কৰে ৷
ADVERTISEMENT




































