Rupahihat Incident :
নগাঁও জিলাৰ ৰূপহীহাটৰ ২নং ভুৰবন্ধাত চাঞ্চল্যকৰ ঘটনা। পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা ৷ পত্নী সবিতা সৰকাৰক ডিঙি কাটি হত্যা কৰি স্বামী প্ৰদীপ সৰকাৰে পথাৰত চিপ লৈ আত্মহত্যা কৰে।
ADVERTISEMENT
ঘৰৰ ভিতৰতে পত্নী সবিতা সৰকাৰ ডিঙি কটা অৱস্থাত পৰি আছে আনফালে স্বামী প্ৰদীপ সৰকাৰ পথাৰৰ মাজত চিপ লোৱা অৱস্থাত ওলমি আছে।
স্বামীৰ স্ত্ৰীৰ কন্দলৰ বাবেই এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।




































