Shrinkhal Chaliha:
বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলা সমি মুখ্য সচিব বিকাশ অসমক প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ ৷ শিৱসাগৰত এক সংবাদমেলত এই কথা ঘোষণা কৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগাঠনিক সচিব শৃংখল চলিহাই ৷ সংবাদমেলত গুৱাহাটী আৰক্ষীয়ে আটক কৰা বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন,মুখ্য তথ্য আৰু প্ৰচাৰ সচিব উংপল দত্ত আৰু কেন্দ্ৰীয় কাৰ্যনি সদস্য তন্ময় চেতিয়াৰ অবিলম্বে মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই চলিহাই ৷
উল্লেখ্য যে বৰবাৰীত এজন ব্যৱসায়ীক অপহৰণ কৰি মুক্তিপণ হিচাপে ২২ লাখ টকা মুক্তিপণ দাবী কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীৰ জালত পৰে আঠজনককৈ যুৱক ৷ ইয়াৰে পাঁচজনেই হ’ল বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা। তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বীৰ লাচিত সেনাৰ মহানগৰ গোটৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত পাঁচ খন ধন দাবী পত্ৰ ৷
আনহাতে বীৰ লাচিত সেনাৰ শেহতীয়া কেতবোৰ কাৰ্যকলাপ সন্দৰ্ভত মুখ্যমন্ত্ৰী :ড:হিমন্ত বিশ্ব শৰ্মাৰ আজি সংবাদ মাধ্যমৰ আগত দুপৰীয়া আগবঢ়াইছিল তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট ,আৰু তেওঁলোকৰ কাৰ্যকলাপক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ | আলফাৰ দৰে আমি এদিন হয়তো লাচিত সেনাক নিষিদ্ধ কৰিম।
ড:শৰ্মাই আৰু কয়,ব্যৱসায়ীকসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে, অসমত ব্যৱসায়িক পৰিৱেশ এটা যোৱা দুমাহ একেবাৰে নষ্ট কৰি দিছে । লাচিত সেনাৰ এজনে অসমৰ আই মাতৃসকলক অপমান সূচক মন্তব্য কৰিছিল | আমি আৰক্ষীক কঠোৰ পদক্ষেপ ল’বলৈ নির্দেশ দিছোঁ




































