CID HQ:
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছআইটিক ইতিমধ্যেই জুবিনৰ বহু সংখ্যক ঘনিষ্ঠই এছ আইটিক ভাষ্য প্ৰদান কৰিছে ৷ ক্ষীপ্ৰতাৰে তদন্ত অব্যাহত ৰখা এছআইটিয়ে তলব কৰিছিল বিশিষ্ট সাহিত্যিক ড: ৰীতা চৌধুৰীক ৷ সেই অনুসৰি আজি দুপৰীয়া প্ৰথিতযশা সাহিত্যিক গৰাকীয়ে চিআইডি হেড কোৱাৰ্টাৰত উপস্থিত হৈ এছআইটিক প্ৰদান কৰে ভাষ্য ৷
উল্লেখ্য যে জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ কেইদিনমান পূৰ্বে ড:ৰীতা চৌধুৰীৰ এক পডকাষ্ট সাক্ষাৎকাৰ অনুষ্ঠানত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছিল ৷ জুবিন গাৰ্গৰ এই সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছিল।
ADVERTISEMENT




































