Cm Reactions:
বৰবাৰী অপহৰণ কাণ্ডত জড়িত হোৱাৰ অভিযোগত পাঁচজনকৈ বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছতে সংগঠনটোৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ বৰবাৰী অপহৰণ কাণ্ডৰে জড়িত হোৱা আঠ অভিযুক্তৰ পৰা বিকাশ অসম স্বাক্ষৰিত পাঁচ খন ধন দাবী পত্ৰ উদ্ধাৰ হৈছিল ৷
মুখ্যমন্ত্ৰীৰ কঠোৰস্থিতি পিছত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টুপানী ফুকন সহ তিনি নেতাক।
এনে ঘটনাক্ৰমৰ মাজতে কলিয়াবৰত আজি এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকী পুনৰ সৰব হৈ পৰে বীৰ লাচিত সেনাৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,শদিয়াৰ পৰা ধুবুৰী লৈকে পইচা উঠাই বীৰ লাচিত সেনাই। শৃংখল চলিহা ৰন্টুপানী ফুকনৰ নাম মই নাজানোঁ। এচাম লোকে নামৰ পাছত অসম উপাধি লিখি নামনি অসমত ডাঙৰ তাণ্ডৱ চলাইছে। এনেক্ষেত্ৰত বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰী ড:শৰ্মাই ৷




































