দিল্লীত প্ৰদূষণ নির্মূলৰ বাবে কৃত্ৰিম ‘মেঘৰ বীজ’ ৰোপণৰ চেষ্টা, বৰষুণৰ ক্ষীণ সম্ভাৱনা

IMG 20251029 103024

Delhi:✒️বিগত দীপাৱলীত একাংশই প্রদূষণ সৃষ্টিকাৰী ফটকা-আতচবাজী ফুটোৱাৰ পৰিণাম ভোগ কৰিছে সমগ্র দিল্লীবাসীয়ে। অৱস্থা ইমানেই জটিল হৈ পৰিছে যে চৰকাৰে দেশৰ ৰাজধানী মহানগৰখনত কৃত্ৰিম বৰষুণৰ ব্যৱস্থা কৰিবলগীয়া হৈছে।

এনে বৰষুণ অনাৰ উদ্দেশ্যে দিল্লীৰ আকাশত কৃত্রিম মেঘ সৃষ্টিৰ চেষ্টা চলিছে। আকাশত ‘মেঘ ৰোপণ’ (ক্লাউড ছীডিং)ৰ ব্যৱস্থা কৰা হৈছে। মঙলবাৰে ইয়াৰ দ্বিতীয়টো ঢাপ সম্পন্ন হয়। তৎসত্ত্বেও বৰষুণ অহাৰ ক্ষীণ সম্ভাৱনাহে ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত দিল্লীত কৃত্রিম উপায়েৰে বৰষুণ সৃষ্টিৰ বাবে দিল্লীৰ ৰেখা গুপ্তা চৰকাৰে আইআইটি কানপুৰৰ স’তে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি উচ্চ শিক্ষা প্রতিষ্ঠানখনে উত্তৰ-পশ্চিম দিল্লীত কৃত্রিম ডাৱৰ সৃষ্টিৰ চেষ্টা কৰিছে। ইয়াৰ বাবদ ৩.২১ কোটি টকা ব্যয় হ’ব।

কালি ইয়াৰ দ্বিতীয়টো ঢাপ দিল্লীৰ বুৰাৰি, ময়ূৰবিহাৰ আৰু কৰোলবাগত পৰীক্ষামূলকভাবে সম্পন্ন কৰা হয়। মঙলবাৰে ক্লাউড ছীডিঙৰ উদ্দেশ্যে চেছনা ২০৬ বিমান উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা দিল্লীলৈ অনা হয়। বিমানখনে ৰাজধানীৰ উত্তৰ-পশ্চিমা অঞ্চলৰ খেকৰা, বুৰাৰি, ময়ূৰবিহাৰ আৰু কৰোলবাগত মেঘৰ ওপৰত ছিলভাৰ আয়’ডাইড জাতীয় ৰাসায়নিক আৰু ভোজ্য লবণ ছটিয়ায়। এনেদৰে কৃত্রিমভারে শুষ্ক মেঘৰ আর্দ্রতা বৃদ্ধি কৰা হয়।

এই কর্ম সম্পন্ন কৰি বিমানখনে অৱতৰণ কৰে। বিশেষজ্ঞসকলৰ মতে এই প্রক্রিয়া সম্পন্ন হোৱাৰ ১৫ মিনিটৰ পৰা চাৰি ঘণ্টাৰ ভিতৰত বৃষ্টিপাত হ’ব পাৰে। কিন্তু পৰিৱেশ লক্ষ্য কৰি বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে আজি বিয়লি পাঁচ বজাৰ পূৰ্বে দিল্লীত বায়ুমণ্ডলত আর্দ্রতা মাত্র পাঁচ শতাংশহে আছিল।

গতিকে বৰষুণৰ সম্ভাৱনা হ্রাস পাইছে। গতিকে প্রদূষণৰে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰে ক্লাউড ছীডিং অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা বুলি সূত্রই প্রকাশ কৰিছে। এই পৰীক্ষণৰ প্ৰথমটো ঢাপ যোৱা সপ্তাহত সম্পন্ন কৰা হয়। সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত যিকোনো সময়ত এনে পাঁচটা পৰীক্ষণ সম্পন্ন কৰা হ’ব।

এই সম্পর্কত আইআইটি কানপুৰে প্ৰকাশ কৰিছে যে ইতিমধ্যে সমাপ্ত হোৱা পর্যায় দুটাত দিল্লীৰ খেক্ৰা আৰু বুৰাৰিৰ মাজৰ অঞ্চলসমূহক সামৰি লোৱা হয়। আনহাতে, মুখ্যমন্ত্রী গুপ্তাই কয়, ‘আমাৰ প্ৰদূষণ ৰোধৰ উদ্দেশ্যে কৃত্ৰিম বৰষুণ সৃষ্টিৰ বিষয়ে দীর্ঘদিন ধৰি আলোচনা চলি আহিছে। আমি প্রথমবাৰ পৰীক্ষামূলকভাবে ক্লাউড ছীডিং কৰিছো। এই পৰীক্ষা যদি সফল হয় তেতিয়া দিল্লীবাসীৰ এটা গুৰুত্বপূর্ণ সমস্যা সমাধান হ’ব। মই প্রার্থনা কৰিছো যাতে এই পৰীক্ষা সফল হয় আৰু দিল্লীবাসী উপকৃত হয়।’

কি এই ক্লাউড ছীডিং?

কৃত্রিম মেঘ সৃষ্টিৰ পদ্ধতিক ক্লাউড ছীডিং বুলি কোৱা হয়। খৰাংপীড়িত অঞ্চলত সাধাৰণতে এনে প্ৰক্ৰিয়াৰে বৰষুণৰ ব্যৱস্থা কৰা হয়। কৃত্রিম মেঘ সৃষ্টিত ড্র’ন বা বিমান ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত ড্র’ন বা বিমানৰ জৰিয়তে মেঘৰ ওপৰত ছিলভাৰ আয় ‘ডাইড জাতীয় ৰাসায়নিক দ্রব্য, আয়’ডিনকৃত নিমখ আৰু শুকান বৰফ ছটিওৱা হয়। এনেদৰে বৰষুণ অনাৰ ব্যৱস্থা কৰা হয়। ঘন কুঁৱলী আচ্ছাদন আঁতৰ কৰিবলৈও কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰা হয়।

উল্লেখ্য যে এইবাৰ দীপাৱলীৰ পাছত দিল্লীৰ বায়ুৰ গুণাগুণ বিগত পাঁচ বছৰৰ সৰ্বনিম্ন হয়। অর্থাৎ মহানগৰখনত বায়ু প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পূৰ্বে দিল্লীৰ প্ৰদূষণৰ বাবে একাংশই হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষকসকলক জগৰীয়া কৰি আহিছিল।

এইসকলৰ মতে, দিল্লীৰ কাষৰীয়া এই দুই ৰাজ্যৰ কৃষকসকলে পথাৰত নৰা জুলাই দিয়াৰ ফলত দিল্লী ভয়াৱহ প্ৰদূষণৰ কৱলত পৰে। লক্ষ্যণীয় যে এইবাৰ এই দুই ৰাজ্যৰ কৃষকসকলৰ নৰা জ্বলোৱাৰ পৰিমাণ প্রায় ৭৮ শতাংশ হ্রাস পায়। তৎসত্ত্বেও দিল্লী ভয়াৱহ প্রদূষণৰ কৱলত পৰে।

গতিকে ন্যায়ালয়কো অৱজ্ঞা কৰি দীপাৱলীত ফটকা ফুটোৱাটোক বহুতে জগৰীয়া কৰিছে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দীপাৱলীত কেৱল সেউজ ফটকা ফুটোৱাৰ পোষকতা কৰি থৈছে।

Exit mobile version