Gaurav Gogoi:
জুবিন গাৰ্গ মৃত্যুৰ তদন্ত সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ’ল গৌৰৱ গগৈ ৷ আজি দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ এক যোগদান সভাত অংশ লৈ এপিচিচি সভাপতি গৰাকীয়ে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় ,ৰীতা চৌধুৰীৰ পডকাষ্ট আৰু জুবিনৰ মৃত্যুৰ মাজত কি সম্পৰ্ক? ৰীতা চৌধুৰীক এছআইটিলৈ কিয় মাতিছে? আজিলৈ আমি গম পোৱা নাই৷ছিংগাপুৰত আচলতে কি হ’ল ৷ কি দৰৱ খালে কি নাখালে, আমি একো গম পোৱা নাই৷কোনে য়টত জুবিনক সাঁতুৰিবলে পঠিয়ালে?’ এই বিষয়বোৰ ৰাইজৰ পৰা অন্ধকাৰত ৰাখি মুখ্যমন্ত্ৰীয়ে ৰাইজক আভুৱা ভৰাই ৰাখিছে ৷ চৰকাৰক নিজৰ কৰ্তব্য পালন কৰিবলে সকীয়নি গৌৰৱ গগৈৰ ৷
গগৈয়ে আৰু কয় যে,”জুবিন গাৰ্গৰ মৃত্যু কোন পৰিস্থিতিত হ’ল সেই পৰিস্থিতি অধ্যয়ন কৰক , ৰাইজৰ মাজত ফাদিল কৰক ৷ অসমৰ ভিতৰত শিল্পী সমাজ , জুবিন গাৰ্গৰ পৰিয়াল , অনুৰাগী সকলৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা নকৰিব ৷ জুবিন দাৰ পৰিয়াল , অনুৰাগী সকলৰ চৰিত্ৰৰ চাৰ্টিফিকেট আমাক হিমন্ত বিশ্ব শৰ্মাৰ পৰা নালাগে৷ অসমৰ শিল্পী সমাজ,সাহিত্য সমাজক ভয় খুৱাবলৈ বন্ধ কৰক ৷
আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাত্ৰ পাঁচ মাহ আছে, যিবোৰ উন্নয়ন মূলক কাম আছে সম্পূৰ্ণ কৰক| পাঁচ মাহ পিছত ৰাইজে আপোনালোকক মজা দিবলৈ গয় আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷
ADVERTISEMENT




































