China:✒️পৰীক্ষামূলক চলাচলত ৰেলৰ সৰ্বাধিক গতি আছিল প্রতিঘণ্টাত ৮৯৬ কিলোমিটাৰ। চীনৰ ভূমিত পৰীক্ষামূলকভাবে চলোৱা এই ৰেলৰ ক’ড নাম আছিল চিআৰ ৪৫০। এই ৰেল চীনৰ ৰেলপথত চলাচল কৰিব ঘণ্টাত ৪০০ কিলোমিটাৰ বেগত।
চীনত ইমানদিনে যি বেল ৩৫০ কিলোমিটাৰ গতিৰে চলাচল কৰিছিল, সেই ৰেল এইবাৰ চলিব ৫০ কিলোমিটাৰ অধিক দ্রুতগতিৰে। প্ৰসংগত উল্লেখ্য যে জাপানৰ মেগলেভ এলঅ’ ছিৰিজৰ ৰেলে পৰীক্ষামূলক চলাচলৰ সময়ত সর্বাধিক প্রতিঘণ্টাত ৬০৩ কিলোমিটাৰ গতিৰে চলাচল কৰিছিল।
জাপানৰ এই বেলকো অতিক্ৰম কৰিলে চীনৰ চিআৰ ৪৫০ ৰেলে। চীনৰ চিআৰ ৪৫০ ৰেল চলাচল কৰিব ছাংহাই-ছেংডু পথত। এই ৰেলকে বর্তমানে বিশ্বত সবাতোকৈ দ্রুত গতিশীল ৰেল হিচাপে গণ্য কৰা হৈছে।
অতি দ্রুতগতিৰ চিআৰ ৪৫০ ৰেল ভাৰতত চলাচল কৰিলে দিল্লীৰ পৰা মুম্বাইলৈ ৰেল যাত্ৰাৰ বাবে প্রয়োজন হ’ব মাত্র দুঘণ্টাৰ। চীনৰ একাডেমী অব ৰেলৱে ছায়েন্সে চিআৰ ৪৫০ ৰেল নিৰ্মাণ কৰিছে।






























