Zubeen khetra:
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ শয়নস্থলী জুবিনক্ষেত্ৰত বৃহস্পতিবাৰে পুৱা উপস্থিত হয় বাংলাদেশ চৰকাৰৰ প্ৰতিনিধি। নতুন দিল্লীস্থ বাংলাদেশ দূতাবাসৰ উপ-উচ্চায়ুক্ত প্রীতি ৰহমান উপস্থিত হৈ জুবিনৰ প্ৰতিচ্ছবি ফুলাম গামোচা আৰু ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলী জনায় ৷ শ্ৰদ্ধাঞ্জলী পত্ৰত বাংলাভাষাত লিখা আছিল ‘বাংলাদেশের জনগণের পক্ষ থেকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলী ৷বাংলাদেশৰ জনগণৰ পক্ষর পর উনাকে গভীৰ শ্ৰদ্ধাঞ্জলী ৷
সাংবাদিকৰে হোৱা বাৰ্তালাপত উপ-উচ্চায়ুক্ত গৰাকীয়ে কয়,জুবিন গাৰ্গৰ মৃত্যুত বাংলাদেশৰ জণগণও সমানে শোকাহত ৷তেওঁ বঙালী ভাষাত গোৱা কালজয়ী গীত বাংলাদেশত সদায় সমাদৃত হৈ আহিছে ৷
তেওঁৰ কন্ঠৰে নিগৰি অহা অসমীয়া আৰু হিন্দী গীত সমূহো আজিও বাংলা জনতাৰ মুখে মুখে ৷ মানৱতাবাদী শিল্পী গৰাকীৰ মৃত্যুত বাংলাদেশতো শোকৰ ছাঁ পৰাৰ কথা ব্যক্ত কৰে উপ-উচ্চায়ুক্ত প্রীতি ৰহমানে ৷ জুবিনক্ষেত্ৰত ৰহমানক সংগ দিয়ে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জাকিৰ হাছান ফাহাদে ৷
ADVERTISEMENT




































